গন্ধিয়াৰ সমাজসেৱিকা কনকলতা দেৱীৰ ৮০ সংখ্যক ওপজাদিন উপলক্ষে ‘তুমি এৰি যোৱা বাটে’ শীৰ্ষক শ্ৰব্যগীতৰ সঁফুৰা উন্মোচন
নলবাৰী : যি সময়ত একাংশ পুত্ৰ-বোৱাৰীৰ নিৰ্যাতনৰ সন্মুখীন হৈ একাংশ পিতৃ-মাতৃয়ে বৃদ্ধ বয়সত বৃদ্ধাৱাসৰ অতিথি হ’বলগীয়া হৈছে সেই সময়তে পশ্চিম নলবাৰীৰ গন্ধিয়া গাঁৱত দেখা গ’ল মাতৃ ভক্তিৰ এক অনন্য নিদৰ্শন । উল্লেখ্য যে আবেলি নলবাৰীৰ গন্ধিয়া গাঁৱৰ ধৰ্মপ্ৰাণ মহিলা তথা সমাজসেৱিকা কনকলতা দেৱীৰ ৮০ সংখ্যক জন্মদিন বৰ্ণাঢ্য কাৰ্যসূচীৰে পৰিয়ালে উদযাপন কৰে ।
এই অনুষ্ঠানত তেওঁৰ পুত্ৰৰ এটি গীতৰ শ্ৰব্য সঁফুৰাও উন্মোচন কৰা হয় ৷ উল্লেখ্য যে বিগত প্ৰায় ২০ বছৰে অসুস্থ কনকলতা দেৱীক পুত্ৰ-বোৱাৰী তথা পৰিয়ালৰ সদস্যবৰ্গই সম্পূৰ্ণভাৱে শুশ্ৰূষা কৰি মন প্ৰফুল্ল কৰি ৰাখিছে । কনকলতা দেৱীৰ গন্ধিয়াস্থিত ‘আনন্দ ভৱনত’ ৮০ সংখ্যক জন্মদিনটো উদ্যাপন কৰা হয় ৷ জন্মদিন উপলক্ষে পুৱা ৰাজহুৱা স্থানত গছপুলি ৰোপণ কৰা হয় ৷ আবেলি কনকলতা দেৱীৰ জন্মদিনৰ লগত সংগতি ৰাখি তেওঁৰ সাংবাদিক পুত্ৰ বুবুল কুমাৰ শৰ্মাৰ ৰচিত ‘তুমি এৰি যোৱা বাটে’ শীৰ্ষক গীতৰ শ্ৰব্য সঁফুৰা আনুষ্ঠানিকভাৱে উন্মোচন কৰে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই ৷ গীতটিৰ কথা বুবুল শৰ্মাৰ, সুৰ আৰু কণ্ঠ মণিকা বৰাৰ, সংগীত ব্যৱস্থাপনা ইন্দ্ৰ বৰুৱাৰ ৷ কবি তথা সাংবাদিক দ্বিপেন মেনাই আঁঁত ধৰা উক্ত অনুষ্ঠানত পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ সভাপতি গণেশ বৰ্মন, কাৰ্যকৰী সভাপতি ৰাজেন বৈশ্য, সম্পাদক প্ৰদীপ কুমাৰ বৰ্মন, বিশিষ্ট কবি আব্দুল মজিদ, প্ৰাক্তন ছাত্ৰনেতা এম হাছান আলী, প্ৰকৃতিকৰ্মী ভূপেন কুমাৰ দাস, লোকশিল্পী প্ৰভাত হালৈ, কবি দিলীপ তালুকদাৰ, নাতিনী অনুস্প্ৰিয়া শৰ্মা প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় ৷ অনুষ্ঠানত মেধাজিতা চক্ৰৱৰ্তী, সমৃদ্ধি আৰ শৰ্মাই গীত আৰু জীয়াৰী ৰুবী দেৱীয়ে কবিতা পাঠ কৰি অনুষ্ঠানটি উজ্জীৱিত কৰি তোলে । এই অনুষ্ঠানত কনকলতা দেৱীৰ পুত্ৰ বুবুল কুমাৰ শৰ্মা, ৰুবুল শৰ্মা, সাংবাদিক জোন কুমাৰ হালৈ, অনিমেশ বৰ্মন, ৰূপ কুমাৰ শৰ্মা, ছাইদুল ইছলাম, আৰিফুল হক, পৰাগমণি দাস আদি উপস্থিত থাকি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ।
Leave a Reply