বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ
সংখ্যালঘু মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহ সভাৰ সামৰণি
ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী জিলাৰ অন্তৰ্গত বড়িগোগ বনভাগ মণ্ডল সংখ্যালঘু মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা আজি অনুষ্ঠিত হৈ যায়। ঘগ্ৰাপাৰৰ -কুন্দৰগাঁওস্থিত এ মি স্কুলত আজি আবেলি অনুষ্ঠিত হোৱা সভাখনত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি চামচুল আলীয়ে সভাপতিত্ব কৰে। বড়িগোগ বনভাগ মণ্ডল সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক চাইদুল ইছলামে আঁত ধৰা সভাখনত নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, নলবাৰী জিলাৰ সংখ্যালঘু মৰ্চাৰ সভাপতি চবিৰ আহমেদ, সাধাৰণ সম্পাদক মজিবৰ ৰহমান, বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক বিজয় বৰ্মন, অন্যতম সম্পাদক ক্ৰমে শ্যামন্ত শৰ্মা, বুবুল দাস,মৃগেন শৰ্মাকে ধৰি শতাধিক সংখ্যালঘু মৰ্চাৰ কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত সংখ্যালঘু মৰ্চাৰ নলবাৰী জিলা সমিতিৰ সভাপতি চবিৰ আহমেদে নিজৰ ভাষণত কয় যে কংগ্ৰেছ দলক দেশ শাসনৰ ৭০ বছৰ সুবিধা দিয়াৰ পিছতো সংখ্যালঘু ৰাইজক প্ৰতাৰণা কৰি আহিছে বুলি উল্লেখ কৰে।।লগতে তেওঁ বিজেপি দলে সংখ্যালঘুসকলক উপযুক্ত সন্মান দিয়াৰ লগতে ভৱিষ্যতেও বিজেপিক সহায়- সহায়োগিতা কৰিবলৈ সংখ্যা লঘু ৰাইজক আহ্বান জনায়।সভাত নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰে ভাষণত আগন্তুক দিনত সংখ্যালঘু মৰ্চা অধিক শক্তিশালী হব বুলি আশা প্ৰকাশ কৰাৰ লগতে বিজেপি চৰকাৰে সংখ্যালঘুৰ কাৰণে গ্ৰহণ কৰা কেতবোৰ অভিলাষী আঁচনিৰ কথা উল্লেখ কৰে।
নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ প্ৰতিবেদন
Leave a Reply