কেৰিয়াৰ অপচন আফটাৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী (Career Options After Engineering Degree)” শীৰ্ষক ৱেবিনাৰ সম্পৰ্ণ
গুৱাহাটী, ৩১ জানুৱাৰী : অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত “কেৰিয়াৰ অপচন আফটাৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী (Career Options After Engineering Degree)” শীৰ্ষক এখন ৱেবিনাৰ ৩১ জানুৱাৰী তাৰিখে অনুষ্ঠিত হয় ।
ৱেবিনাৰখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই ।
অভিযান্ত্ৰিকৰ সকলো শাখাৰ শিক্ষাৰ্থীয়ে নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে ভৱিষ্যতে কেনেধৰণৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব পাৰে সেই বিষয়ে তেওঁ বাখ্যা আগবঢ়ায় ।
ড° বুঢ়াগোহাঁয়ে শিক্ষাৰ্থীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) আগবঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে ।
ৱেবিনাৰখনত ড° বুলজিৎ বুঢ়াগোহাঁয়ে শিক্ষাৰ্থীসকলক অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰাৰ পিছত উচ্চ শিক্ষা গ্রহণৰ বাহিৰেও বিভিন্ন বিকল্পৰ বিষয়ে অৱগত কৰে ।
স্কুল অৱ টেকনলজীৰ ডাইৰেক্ট ড° মনোৰঞ্জন কলিতাইও বক্তব্য ৰাখে ।
Leave a Reply