দুদিনীয়া কাৰ্য্যসূচীৰে বাহাৰঘাট আঞ্চলিক শাখা সাহিত্য সভাৰ পঞ্চবিংশতিতম বাৰ্ষিক অধিবেশন সম্পন্ন
শনি আৰু দেওবাৰে বাহাৰঘাট উচ্চ বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত হয় উক্ত অধিবেশন৷
আজিৰ মুকলি অধিবেশনত বাৰ্ষিক মুখপত্ৰ বল্লভা উন্মোচন কৰে এমট্ৰনৰ উপপ্ৰৱন্ধক দীনমণি ভাণ্ডাৰ কায়স্থই৷
গ্ৰন্থ উন্মোচন কৰি ভাণ্ডাৰ কায়স্থই কয় আধুনিক বিশ্বক গ্ৰন্থই পৰিচালনা কৰি আছে৷
শাখা সাহিত্য সভাৰ সভাপতি ভবেশ চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি অধিবেশনত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি অসম সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহ সদস্য ডা°বিপিন চন্দ্ৰ কলিতা,নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা আৰু নলবাৰী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক স্বাহ আলম আদিয়ে ভাষন ৰাখে৷
সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে সম্পাদক উপেন্দ্ৰ স্বৰ্গিয়াৰীয়ে৷৷
দুদিনীয়াকৈ অনুষ্ঠিত কৰা বাৰ্ষিক অধিবেশনৰ পহিলা দিনা বিষয়বাচনি সভাত ৰজত চন্দ্ৰ শৰ্মাক সভাপতি,উপেন্দ্ৰ স্বৰ্গিয়াৰীক উপসভাপতি,সুনীল কলিতা সম্পাদক আৰু চন্দ্ৰধৰ বেজবৰুৱাক সহকাৰী সম্পাদক হিচাবে লৈ নতুন কাৰ্য্যনিৰ্বাহ সমিতি গঠন কৰে৷
নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ
Leave a Reply