শিমলুগুৰিত ৬ খন জল জীৱন মিছন আঁচনি উদ্বোধন :
লক্ষীমপুৰ জিলাৰ খোৱা পানী আৰু অনাময় অভিজান তথা জনস্বাস্থ্য কাৰীকৰী বিভাগৰ সৌজন্যত আজি শিমলুগুৰিৰ খোৱা পানী যোগান আঁচনিৰ সংযোগ স্থলত অঞ্চলটোৰ ৬ খন খোৱা পানী যোগান আঁচনিৰ কাৰ্যক্ষম গৃহনল সংযোগ আৰু হস্থান্ত অনুষ্ঠানটি অনুষ্ঠিত্ব হয় । আঁচনি সমূহ ফিটা কাটি শুভ উদ্দ্বোধন কৰে বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞাই । নিজৰ ভাষনত বিধায়ক ভূঞাই সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত সকলোকে কামৰ মাজেৰে সহযোগিতা আহ্বান জনাই ।
অনুষ্ঠাত বিহপুৰীয়া জনস্বাস্থ্য কাৰিকৰী উপ-সংমণ্ডলৰ সহঃকাৰ্যবাহী অভিযন্ত্ৰা থানেশ্বৰ নাথে ভাষন প্ৰদান কৰে । অনুষ্ঠানত শাখা বিষয়া ধৰ্ম শইকীয়া, নৰেন্দ্ৰ শইকীয়া আৰু সহকাৰী অভিযন্ত্ৰা প্ৰিয়াংকু হাজৰিকা উপস্থিত থাকে ।
লক্ষীমপুৰ জিলাৰ খোৱাপানী আৰু অনাময় পৰামৰ্শদাতা ছত্ৰ প্ৰসাদ পাঠৰীৰে পৰিচালনা কৰা অনুষ্ঠানটোত বৰনাহৰনি, জুটুলীবাৰী ,ন-পমুৱা,কালৱনী, শিমলুগুৰী আৰু ঢলপুৰৰ খোৱাপানী যোগান আঁচনি খন আনুষ্ঠানিক ভাৱে বিভাগীয় কতৃপক্ষক বিধায়ক ভূঞাই হস্থান্তৰ কৰে । অনুষ্ঠানটিত অঞ্চলটোৰ বহুকেইজন গন্যমান্য ব্যক্তি উপস্থিত থাকে ।
নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ
Leave a Reply