পূৱ ডিক্ৰং মহাবিদ্যালয়ত ৰাট্ৰীয় কন্যা শিশু দিৱস উদ্‌যাপন

পূৱ ডিক্ৰং মহাবিদ্যালয়ত ৰাট্ৰীয় কন্যা শিশু দিৱস উদ্‌যাপন

আজি পূৱ ডিক্ৰং মহাবিদ্যালয়ত ৰাট্ৰীয় সেৱা আঁচনি গোটৰ সৌজন্যত মহাবিদ্যালয় আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত ৰাট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হয় ৷পূৱ ডিক্ৰং মহাবিদ্যালয়ৰ ৰাট্ৰীয় সেৱা আঁচনি গোটৰ সমন্বয়ক কমল মিলিয়ে আঁত ধৰা অনুষ্ঠানত সভাপতিৰ আসন গ্ৰহণ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰশান্ত নেওগে ৷ অধ্যাপক কমল মিলিয়ে উদ্বোধন কৰা সভাখনিত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ সম্পৰ্কে বক্তব্য ৰাখে শিক্ষাতত্ব বিভাগৰ অধ্যাপিকা সাৱিত্ৰী বৰাই ৷আজি অনুষ্ঠানত কন্যা শিশুৰ মহত্ত্ব ব্যাখ্যা কৰি অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক পূৰ্ণ বৰাই ’কন্যা শিশু মানৱ সভ্যতালৈ ঈশ্বৰৰ মহান দান ৷কন্যা মানৱ সভ্যতাৰ নান্দনিক প্ৰাচুৰ্য্যৰ সমাহাৰ ৷ ৰাজীৱ হাজৰিকাই বক্তব্য ৰখা সভাত উপস্থিত থাকে ৰৱিন শইকীয়া,হেমাঙ্গ কুমাৰ নেওগ,শিৱ ফুকন,শৰত বৰা,বিদু্্যত শইকীয়া,জয় কুমাৰ দেউৰী, জীতেন দলে,কনক খণ্ডাল ,সোণমণি৷বৰা,পুৰঞ্জয় সোণোৱাল,জ্যোতিমণি শইকীয়া,যাদৱ বৰুৱা,প্ৰিয়ৰাম ঠেঙাল আৰু ছাত্ৰছাত্ৰীসকল ৷আজি সভাত বৃহত্তৰ পূব ডিক্ৰং অঞ্চলৰ চাৰিগৰাকী প্ৰতিভাৱান ছাত্ৰীক মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটে সম্বৰ্ধনা জ্ঞাপন কৰে ৷

নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ

Be the first to comment

Leave a Reply

Your email address will not be published.


*