বেদেতীত পূৱ বিহালীৰ নাট্য সন্মিলনৰ সাধাৰণ সভা : নতুন সমিতি গঠন :
৩০ ডিচেম্বৰ :
আজি বিশ্বনাথ জিলাৰ নাট্য সন্মিলনৰ
অন্তৰ্গত পূৱ বিহালী নাট্য সন্মিলনৰ
সাধাৰণ সভা খন অনুষ্ঠিত হয় বেদেতী অমিয় ভৱনত।
পূৱ বিহালী নাট্য সন্মিলনৰ
সভাপতি প্ৰদীপ কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খন আতঁ ধৰে সম্পাদক দিপক শৰ্মাই ।
সভাত আগন্তুক কাৰ্যকালৰ বাবে শিল্পী বিনোদ খনালক সভাপতি
আৰু চাও চন্দ্ৰ বৰুৱাক কাৰ্যকৰী সভাপতি, দীপক শৰ্মাক সম্পাদক হিচাপে মুঠ ১৫ জনীয়া এখন সবল সমিতি গঠন কৰে সভাই ।
সভাত বিশ্বনাথ জিলাৰ নাট্য সন্মিলনৰ কাৰ্যকৰী সভাপতি দিলিপ শৰ্মা, জিলা সম্পাদককে ধৰি কেইবা গৰাকী বিষয়ববীয়া উপস্থিত থাকে।
এই সভাতে সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত অলপতে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা অভিনেতা জোন দাস আৰু অভিনেত্ৰী নেহা বৰাক ফুলম গামোচাৰে অভিনন্দন জনাই।
Leave a Reply Cancel reply