আজৱ খবৰ ছাগলীয়ে জন্ম দিলে মানুহ আকৃতিৰ পোৱালি
সময়ে সময়ে এই পৃথিৱীত বহু নোহোৱা নোপোজা কাণ্ড সংঘটিত হয়। অসমৰ কাছাৰত সংঘটিত হৈছে এক আজৱ কাণ্ড। এজনী পোহনীয়া ক’লা ৰঙৰ ছাগলীয়ে জন্ম দিলে এটা মানৱ আকৃতিৰ পোৱালি। কাছাৰ জিলাৰ ধৌলাই বিধানসভাৰ অন্তৰ্গত গংগানগৰ গাঁৱৰ পৰা আহিছে এই আচৰিত খবৰ। পোৱালিটোৰ মুখখন সাইলাখ মানুহৰ দৰে আছিল আৰু ভৰি দুখন আছিল। বাতৰিটো বিয়পি পৰাৰ লগে লগে গাঁওখনত মানুহৰ ভিৰ জমা হ’ল আৰু অদ্ভূত চেহেৰাৰ প্ৰাণীটোক চাবলৈ সকলো ব্যগ্ৰ হৈ পৰিল।
ছাগলীজনীৰ গৰাকীয়ে কোৱা অনুসৰি সোমবাৰে ছাগলীজনীয়ে মানুহৰ শৰীৰসদৃশ পোৱালি এটা জন্ম দিয়া দেখি তেওঁ আচৰিত হৈ পৰে। পোৱালিটোৰ গোটেই মুখখন মানুহৰ দৰে আছিল আৰু নোম নাছিল, নেজো নাছিল। ঠেং চাৰিখনো নাছিল, ভৰিৰ দৰে দুটা আকৃতি আছিল। জন্মৰ আধাঘণ্টাৰ পিছতেই অৱশ্যে ছাগলী পোৱালিটোৰ মৃত্যু হৈছিল। এই আজৱ আকৃতিৰ প্ৰাণীটোৰ মৃত্যুত গাঁওবাসীয়ে ইয়াক পৰম্পৰাগত ৰীতি-নীতি অনুসৰি ইয়াক সমাধিস্থ কৰে।
ছবি লেখনি সংগ্ৰহ Prag news
Leave a Reply