বিশ্বনাথৰ আৰক্ষী অধীক্ষক লীনা দলেক আন্ত: ৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বঁটা প্ৰদান
বিশ্বনাথ ২৭ ডিচেম্বৰ:- বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেক দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ তৰফৰ পৰা আন্ত: ৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বঁটা প্ৰদান কৰা হয় । যোৱা ৯ ডিচেম্বৰ তাৰিখে আন্ত:ৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱস উপলক্ষে আৰক্ষী অধীক্ষক গৰাকীক এই বঁটা প্ৰদান কৰা হৈছিল কিন্তু বিশ্বনাথৰ আৰক্ষী অধীক্ষক লীনা দলে অনুষ্ঠানভাগত উপস্থিত থাকিব নোৱাৰাৰ বাবে আজি বিশ্বনাথৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত তেখেতক এই বঁটা প্ৰদান কৰা হয়।
Leave a Reply Cancel reply