ৰঙিয়াত উৰিল ৭৫ ফুট দীঘল ৪৫ ফুট বহল পতাকা

ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদঃ ৰঙিয়া ক্ৰেন ছাৰ্ভিচৰ উদ্যোগত ৰঙিয়া উৰিল বিশাল আকাৰৰ পতাকা৷ গণৰাজ্য দিৱসত দেশমাতৃৰ প্ৰতি শ্ৰদ্ধা জনাই ৰঙিয়াৰ ছ’চাইটীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত উৰিল ৭৫ ফুট দীঘল ৪৫ ফুট বহল ৰাষ্ট্ৰীয় পতাকা৷ ৰঙিয়াৰ নিকটৱৰ্তী কাউৰবাহা নিবাসী সফল ব্যৱসায়ী জামছেদ আলীৰ তত্ত্বাৱধানত উৰুওৱা পতাকাখনৰ নিৰ্মাণত ব্যয় হৈছে প্ৰায় ১ লাখ ১০ হাজাৰ টকা৷ পতাকাখন নিৰ্মাণ কৰোঁতে ৫৪৮ মিটাৰ কাপোৰৰ তথা প্ৰায় ৫ দিন সময়ৰ প্ৰয়োজন হোৱা বুলি জানিবলৈ দিয়ে। ক্ৰেন ছাৰ্ভিচৰ ব্যৱসায়ী জনৰ দেশপ্ৰেমৰ এই চানেকিয়ে স্থানীয় ৰাইজৰ লগতে পথচাৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*