হেলমেট পিন্ধা নহ’লে জৰিমনা ভৰা
মায়ঙত আৰক্ষী আৰু পৰিবহণ বিভাগৰ অভিযান।হেলমেট বিহীন,সুৰামত্ত চালকৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ।
প্ৰতিবেদক,মায়ং,২৬ডিচেম্বৰ:মুখ্যমন্ত্ৰীৰ কাৰা নিৰ্দেশৰ পিছতেই আৰক্ষী আৰু পৰিবহন বিভাগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলোৱা দেখা যায়।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ আজি মায়ঙতো আৰক্ষী আৰু পৰিবহন বিভাগে হেলমেট পৰিধান নকৰা বাইক আৰুহী আৰু সুৰামত্ত চালকৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰে ।
কিয়নো এতিয়া বনভোজৰ বতৰ আৰু এই বনভোজৰ বতৰত যাতে কোনো ধৰনৰ দুৰ্ঘটনাৰ সৃষ্টি নহয় তাৰ বাবে চুকা দৃষ্টি ৰাখি মায়ং আৰক্ষী চকীৰ সন্মুখত পৰিবহন বিভাগে এনেদৰে অভিযান চলাই। এই অভিযানত বহু কেইখন বাইক জব্দ কৰে পৰিবহন বিভাগে।
Leave a Reply