জাকে জাকে বনৰীয়া হাতীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী পাৰ কৰিছে গঞা ৰাইজে ।

জাকে জাকে বনৰীয়া হাতীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী পাৰ কৰিছে গঞা ৰাইজে ।

ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি হস্তী পূজন ঢেকীয়াজুলি গাঁওবাসীৰ ।

অসম-অৰুণাচলৰ সীমান্তৱতী ঢেকীয়াজুলিৰ বিভিন্ন অঞ্চলত বিভিন্ন সময়ত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলোৱা দেখা পোৱা যায়,

কেৱল হাতীৰ উপদ্ৰৱেই নহয় ঘৰ বাৰী ভাঙি টহিলং কৰাৰ লগতে গছ গছনি আৰু বাৰীৰ বিভিন্ন শস্যবীজ নষ্ট কৰে। বিশেষকৈ ধান খেতিৰ লগতে অন্যান্য শস্যৰ খেতিও যথেষ্ট পৰিমাণে ক্ষতিসাধন কৰে।

হাতীৰ উপদ্ৰৱ সহ্য কৰি কৰি অতিষ্ঠ হৈ আজি সমগ্ৰ অঞ্চলৰ ৰাইজে একত্ৰিত হৈ পৰিত্ৰাণ পাবলৈ পৰম কৰুণাময় নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰি সামূহিক ভাৱে ডাঙৰীয়া পূজা তথা হস্তী পূজা কৰে।

ৰঙা বন সংৰক্ষিত বনাঞ্চলৰ গাভৰু এলেকাত বনাঞ্চল ধ্বংস হোৱাৰ ফলত খাদ্যৰ অভাৱ বনাঞ্চলৰ হাতীবোৰ গাভৰু নৈ পাৰ হৈ নিশা মানুহৰ ঘৰে বাৰীয়ে উপদ্ৰৱ চলাই বুলি মন্তব্য প্ৰকাশ কৰে স্থানীয় ৰাইজে।

লক্ষীমপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ

Be the first to comment

Leave a Reply

Your email address will not be published.


*