31.3 C
Guwahati
Sunday, November 9, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথ জিলা আৰক্ষীৰ এনকাউন্টাৰত গুলীবিদ্ধ হ’ল কুখ্যাত ডকাইত জাহিৰ আলি ওৰফে ভূত্তু :

    বিশ্বনাথ জিলা আৰক্ষীৰ এনকাউন্টাৰত গুলীবিদ্ধ হ’ল কুখ্যাত ডকাইত জাহিৰ আলি ওৰফে ভূত্তু :


    একে নিশাতে এজনক এনকাউন্টাৰ আৰু তিনি গৰাকী মহিলা সহ মুঠ ৯ জন জাল নোটৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ বিশ্বনাথ জিলা আৰক্ষীৰ :


    জব্দ দুটাকৈ জাল নোট প্ৰস্তুত কৰা মেচিন আৰু ৫০০ টকীয়া নোট প্ৰস্তুত কৰিব পৰা সামগ্ৰী সহ উদ্ধাৰ দুই কেজি ওজনৰ চাৰিটাকৈ সোনৰ মূৰ্তি

    বিশ্বনাথ চাৰিআলি ১১ ডিচেম্বৰ ::

    শনিবাৰে পুৱতি নিশা বিশ্বনাথ চাৰিআলিৰ ষ্টেডিয়ামৰ ওচৰত বিশ্বনাথ জিলা আৰক্ষীৰ এনকাউণ্টাৰ ৷ আৰক্ষীৰ গুলীত গুৰুত্বৰ ভাৱে আহত দুধৰ্ষ ডকাইত তথা বহু অসামাজিক চক্ৰৰে জড়িত জাহিৰ আলি ওৰফে ভূত্তু ৷

    শনিবাৰে পুৱতী নিশা প্ৰায় ৩:৩০ বজাত সংঘটিত হৈছিল এই ঘটনা ৷
    শুক্ৰবাৰে নিশা বিশ্বনাথৰ আৰক্ষীয়ে জালনোট আৰু নকল সোণৰ বিৰুদ্ধে বিশ্বনাথৰ কেইবা ঠাইটো অভিযান চলাই পৃথক পৃথক স্থানৰ পৰা জাল নোট বনোৱা দুটা মেছিন,জালনোট,দুই কেজি নকল সোণৰ মূৰ্ত্তিৰ লগতে তিনি গৰাকী মহিলা সহ মুঠ ৯ জন লোক এই কাৰ্যৰ লগত জড়িত থকাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল আৰু ইয়াৰে অন্যতম আছিল জাহিৰ আলি ওৰফে ভুত্তু৷

    আৰক্ষীক কেইবাটাও নকল টকা থকা স্থান দেখুৱাবলৈ লৈ যোৱাৰ সময়ত ভুত্তুৱে পলাবলৈ চেষ্টা কৰাত আৰক্ষীৰ দলটোৱে গুলী চালনা কৰে আৰু ভুত্তুৰ দুয়ো ভৰিত গুলী লাগে ৷

    সংকটজনক অৱস্থাত ভুত্তুক তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় আৰক্ষীয়ে।

    আনহাতে এই সমস্ত ঘটনা পোহৰলৈ আহে যোৱা পাঁচ ডিচেম্বৰ তাৰিখে বিহালী সমষ্টিৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত কুঁহিয়াৰ বাৰীৰ পৰা বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাৰ নেতৃত্বত চলা এক অভিযানত মতিবুৰ ৰহমান তেওঁৰ পত্নী আৰু জাকিৰ হুছেইনক বৃহৎ জাল নোট সহ জাল নোট প্ৰস্তুত কৰা মেচিন সহ তিনিটাকৈ নকল সোনৰ যীচু মূৰ্তি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল বিশ্বনাথ জিলা আৰক্ষীৰ । এই জাল নোট চক্ৰৰ আন এগৰাকী মাষ্টাৰ মাইণ্ড জাকিৰ হুছেইনৰ স্বীকাৰুক্তিৰ ভিত্তিত শুক্ৰবাৰে নিশা অভিযান চলাই বিশ্বনাথ জিলা আৰক্ষীয়ে ।


    আৰক্ষীৰ অভিযানত পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বিশ্বনাথ জিলাৰ জাল নোট চক্ৰৰ অন্যতম মাষ্টাৰ মাইণ্ড জাহিৰ আলি ওৰফে ভূত্তু আৰু লগত তিনি গৰাকী মহিলা সহ মুঠ ৯ গৰাকীক।

    আনহাতে যোৱা নিশা গ্ৰেপ্তাৰ কৰা ধৃত লোক কেইজৰ পৰাও আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বৃহত পৰিমাণৰ জাল নোট সহ এটা নকল সোনৰ মূৰ্তি আৰু জাল নোট প্ৰস্তুত কৰা মেচিন।


    ইফালে আৰক্ষীয়ে অধিক তথ্যৰ বাবে শনিবাৰে পুৱতি নিশাৰ প্ৰায় ৩:৩০ মান বজাত জিলা আৰক্ষী এটা দলে নকল টকাৰ স্থান দেখুৱাবলৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কুখ্যাত অপৰাধী জাহিৰ আলিক লৈ গৈ থকা অৱস্থাত আৰক্ষী হাতৰ পৰা পলায়ন চেষ্টা চলোৱা জাহিৰ আলিক এনকাউন্টাৰ কৰিবলৈ বাধ্য হয় আৰক্ষী ।আনহাতে আহত জাহিৰ আলিক তেজপুৰ মেডিকেল কলেজত বৰ্তমান চিকিৎসাধীন হৈ আছে।
    ইফালে এই সম্পূৰ্ণ ঘটনাৰ সন্দৰ্ভত বিশ্বনাথ জিলা আৰক্ষীয়ে এক সংবাদ মেল যোগে জনিব দিয়ে আৰক্ষী অধীক্ষক লীনা দলেই শীঘ্ৰে নকল সোণৰ লগত জৰিত সকলো অপৰাধীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা লগতে জাহিৰ আলি ভৰিত দুটা গুলি লগা কথা প্ৰকাশ কৰে আৰক্ষীয়ে ।আনহাতে আৰক্ষী তৎপৰতাক
    বিশ্বনাথৰ সাধাৰণ জনতাই বিশ্বনাথ জিলা আৰক্ষীৰ এই অভিযানৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে বিশ্বনাথ জিলা আৰক্ষীৰ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds