পূৱ ডিক্ৰং মহাবিদ্যালয়ত শৈক্ষিক আলোচনা চক্ৰ
লখিমপুৰ জিলাৰ পূৱ ডিক্ৰং মহাবিদ্যালত আজি পুৱা ১০ বজাৰ পৰা মহাবিদ্যালয়ৰ অসমীয়া আৰু ইতিহাস বিভাগৰ শৈক্ষিক আলোচনা চক্ৰ এখনি অনুষ্ঠিত হয় ৷আলোচনা চক্ৰখনি উদ্বোধন কৰে মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰৱিন শইকীয়াই ৷
পূৰ্ণ বৰাই সঞ্চালনা কৰা আলোচনা চক্ৰখনিত আদৰণী ভাষণ প্ৰদান কৰে অধ্যাপক হেমাঙ্গ কুমাৰ নেওগে ৷
মহাবিদ্যালয়ৰ অধ্যাপক বিদ্যুত শইকীয়া,জীতেন দলে দয়ানন্দ সোণোৱাল,সোণমণি বৰা ,পুৰঞ্জয় সোণোৱাল ৰশ্মিৰেখা বৰা কমল মিলি উপস্থিত থকা সভাত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে অধ্যাপক বদন শইকীয়া,অৰবিন্দ শইকীয়া ,প্ৰণালী শইকীয়া,মিন্টু শইকীয়াই ৷
অনুষ্ঠানত আলোচনা পত্ৰ পাঠ কৰে ক্ৰমে পূৰ্ণিমা নাথ ,গীতাশ্ৰী শইকীয়া,অনুপম শইকীয়া,পম্পী মূদৈ,যাদৱ পেগু,ভূমিকা মিৰি সীমান্ত ৰাজখোৱাই ৷
কল্পনা টায়ুঙৰ আধুনিক নৃত্যই সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷
নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকা
Leave a Reply