♦কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত টুকুৰা তৃতীয় খণ্ড নিবাসী খয়ৰুদ্দিন আলী (৬০) নামৰ বয়োজ্যেষ্ঠ ব্যক্তি জন যোৱা বুধবাৰৰ পৰা সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে৷ পৰিয়ালৰ এক সূত্ৰই জনোৱা অনুসৰি, মানসিক ভাৰসাম্যহীনতাত ভুগি থকা লোক জনে কৃষ্ণাইৰ বুধবৰীয়া সাপ্তাহিক বজাৰৰ পৰা সন্ধানহীন পৰে ৷ তেওঁলোকৰ চিনাকি লোকে মানুহজনক বকোৰ কাষৰীয়া হাহিম পথত দেখা পোৱা বুলি জনাইছিল যদিও আজিও খয়ৰুদ্দিন আলীৰ শুংসূত্ৰ বিচাৰি পোৱা নাই৷ পৰিয়ালৰ লোকে লোক জনৰ কিবা সম্ভেদ পালে তলৰ ফোন নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে৷ ফোন নম্বৰঃ8099100948, 9707995352
Leave a Reply Cancel reply