বিহালীৰ বৰগাঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত হঠাত লাগিল হুৱাদুৱা ,প্ৰকৃততে এইয়া এক হুৱাদুৱা নহয়, এইয়া এক বাটৰ নাটহে
বিশ্বনাথ৭ ডিচেম্বৰ: –
বিহালীৰ বৰগাঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত হঠাত লাগিল হুৱাদুৱা ,প্ৰকৃততে এইয়া এক হুৱাদুৱা নহয়, এইয়া এক বাটৰ নাটহে।
মঙ্গলবাৰে বিহালী সমষ্টিৰ সমাজ কল্যাণ বিভাগৰ বিহালী শিশু উন্নয়ন প্ৰকল্পৰ আৰু বিহালী স্নাতক মহাবিদ্যালয়, বিহালী কনিষ্ঠ মহাবিদ্যালয়ৰ লগতে বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মী আৰু জীৱিকা সখীৰ কৰ্মী সকলৰ সৌজন্যত ৰাজ্যত সঘনাই সংঘটিত হৈ থকা নাৰী নিৰ্যাতনৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে ওলাই আহিল ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ।
বিহালী স্নাতক মহাবিদ্যালয়ৰ পৰা পদযাত্ৰা কৰি বৰগাং চেন্টাৰৰ মাজমজিয়াত স্বাস্থ্য কৰ্মী আৰু সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰী সকলৰ দ্বাৰা বাটৰ নাট প্ৰদৰ্শন কৰা হয়। প্ৰদৰ্শনৰ পাছতে পুণৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথে দি নাৰী নিৰ্যাতনৰ বিৰুদ্ধে বিভিন্ন শ্লগানৰ জৰিয়তে বৰগাঙৰ আকাশ বতাহ উত্তাল কৰি তোলে ছাত্ৰ ছাত্ৰী আৰু মহিলা সকলে ।
ইফালে এই অনুষ্ঠানত উপস্থিত থকা বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত কংকনা শইকীয়াই বিশ্বনাথ বাসী ৰাইজক আহবান জনাই কয় যে শিশু আৰু মহিলাৰ ওপৰত নিৰ্যাতন চলোৱা শীঘ্ৰে বন্ধ কৰক , মহিলা আৰু শিশু সকলক জীয়াই থকাৰ প্ৰেৰণা দিবলৈ আহবান অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে ।
Leave a Reply