গহপুৰ সাপ্তাহিক বজাৰত অবৈধ চুলাই মদ বেপাৰী বিৰুদ্ধে আৰক্ষী অভিযান
ৰাজ্যত অব্যাহত আছে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান। গোলাঘাট আৰু যোৰহাট জিলাৰ চাহ জনগোষ্ঠীয় এলেকাত বিষাক্ত চুলাই পান কৰি প্ৰায় ডেৰ শতাধিক লোকৰ মৃত্যু ঘটাৰ পিছতে ৰাজ্যজুৰি সুৰা বিৰোধী অভিযান চলাইছে আবকাৰী বিভাগ আৰু আৰক্ষীয়ে।
কেইবাখনো জিলাত অভিযান চলাই আবকাৰী বিভাগে আৰক্ষীৰ সহযোগত অবৈধ সুৰাৰ ঘাটি উৎখাত কৰাৰ লগতে সুৰা নিৰ্মাণত ব্যৱহাৰ কৰা সা-সঁজুলি ভাঙি পেলাইছে।
ইফালে দেওবাৰে বিশ্বনাথৰে জিলা আৰক্ষী নিৰ্দেশ অনুসৰি গহপুৰ আৰক্ষী থানাৰ ভা:প্ৰাপ্ত আৰক্ষী বিষয়া সুশীল দত্তৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে গহপুৰ সাপ্তাহিক বজাৰত অবৈধ ভাৱে বিক্ৰী কৰিবলৈ অনা প্ৰায় ৫০০ লিটাৰ চুলাই নষ্ট কৰে আৰক্ষীয়ে।
Leave a Reply