ভৱিষ্যত দিনত মহিলাই অসমৰ মুখ্যমন্ত্ৰী আসন দখল কৰিব : তেজপুৰত মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকা মন্তব্য

ভৱিষ্যত দিনত মহিলাই অসমৰ মুখ্যমন্ত্ৰী আসন দখল কৰিব : তেজপুৰত মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকা মন্তব্য ::

‘ভৱিষ্যত দিনত মহিলাই দখল কৰিব মুখ্যমন্ত্ৰীৰ আসন৷
মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা মহিলাৰো আছে অসমত।
প্ৰতিটো নিৰ্বাচনত আসন সংৰক্ষণ ৫০ শতাংশতকৈ বেছি বিচাৰে মহিলাই৷

কিন্তু তাৰ পূৰ্বে মহিলা ৰাজনৈতিকভাৱে পৰিপক্ব তথা দক্ষ হ’ব লাগিব এই মন্তব্য মহিলা মৰ্চাৰ আঙুলতা ডেকাৰ৷
তেজপুৰত( ৪ ডিচেম্বৰ আৰু ৫ ডিচেম্বৰ) শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা বিজেপি মহিলা মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহকত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত সাংগঠনিক সভা অনুষ্ঠিত হোৱাৰ পূৰ্বে আঙুৰলতা ডেকাই এক সংবাদমেল সম্বোধি এই কথা উল্লেখ কৰে।


ডেকাই মহিলাৰ আসন সংৰক্ষণৰ উপৰি মহিলাক কিদৰে স্বাৱলম্বী তথা আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব পাৰি তাৰ ওপৰত মহিলা মৰ্চাই আগন্তুক দিনত কাম হাতত ল’ব বুলি সংবাদমেলত সদৰী কৰে৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*