মন্ত্ৰী ৰঞ্জিত দাসে বিশ্বনাথ জিলাৰ বিভিন্ন বিভাগীয় কাম কাজৰ আজি পৰ্য্যালোচনা কৰে

ranjit das

মন্ত্ৰী ৰঞ্জিত দাসে বিশ্বনাথ জিলাৰ বিভিন্ন বিভাগীয় কাম কাজৰ আজি পৰ্য্যালোচনা কৰে ।

আত্ম সহায়ক গোটৰ সদস্যা সকলৰ আয় বৃদ্ধিৰ ওপৰত মন্ত্ৰী ৰঞ্জিত দাসে গুৰুত্ব আৰোপ কৰে ।

বিশ্বনাথ চাৰিআলিঃ ০৩-১২-২১ আজি অসমৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিশ্বনাথ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিভাগীয় কাম-কাজৰ এটি পৰ্য্যালোচনা বৈঠকৰ সভাপত্বিত কৰে ।

এই সভাত তেখেতে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়বৱীয়া সকলৰ লগত আলোচনাত মিলিত হয় আৰু কাম-কাজৰ পৰ্য্যালোচনা কৰে । দাসে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ নিমাৰ্ণৰ কাম আৰু খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়ে ।

লগতে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ আচঁনি লাভৰ পৰা কোনো বৈধ হিতাধিকাৰী যেন বাদ নপৰে তাকেই সু-নিশ্চিত কৰিবলৈ মন্ত্ৰী গৰাকীয়ে কয় । গ্ৰাম্য অৰ্থনীতি আৰু তনকীয়াল কৰাৰ উদ্দেশ্যে মন্ত্ৰী গৰাকীয়ে বিভাগটোক ‘স্ব-নিৰ্ভৰ নাৰী’ আৰু ‘আত্মনিৰ্ভৰ অসম’ আচঁনি দুখনৰ সুৰূপায়ণৰ বাবে আৰু আবেদনকাৰী খোজ কৰিবলৈ আহ্বান জনায় ।

বৰ্তমানে বিশ্বনাথ জিলাত প্ৰায় (৩০) ত্ৰিশ হাজাৰ আবেদনকাৰীয়ে এই আচঁনি দুখনৰ সুবিধাসমূহ লাভ কৰিবলৈ আবেদন কৰিছে ।

মন্ত্ৰী দাসে কয় যে, জিলা খনৰ আত্ম সহায়ক গোটৰ সদস্যা সকলৰ মাহিলী উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে বিভাগটোৱে গোটসমূহক গো-পালন, কাঠফুলা খেতি আৰু ষ্ট্ৰবেৰী খেতি কৰিবলৈ উৎসাহিত কৰিব লাগে ।

লগতে, মন্ত্ৰীগৰাকীয়ে উপায়ুক্ত গৰাকীক বিশ্বনাথ জিলাত উৎপাদিত কাঠফুলাৰ “ব্ৰেন্দিং“ৰ সন্দৰ্ভত প্ৰয়োজনীয় উদ্যোগ লবলৈ আহ্বান জনায় ।

তেখেতে কয় যে, বিশ্বনাথত উৎপাদিত কাঠফুলাৰ “ব্ৰেন্দিং“ হ’লে ৰাজ্যখনত ইয়াৰ চাহিদা আৰু বহু গুণে বৃদ্ধি পাব । বিভাগটোৰ বিভিন্ন কল্যাণকামী পদক্ষেপ সমূহে প্ৰত্যেক জন আত্মসহায়ক গোটৰ সদস্যাৰ আগন্তুক দিনবোৰত উপাৰ্জন বৃদ্ধি কৰাত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মত-পোষন কৰে ।

আজিৰ সভাত মন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে বিহালী সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্ত, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু বিশ্বনাথ জিলা উপায়ুক্ত দেৱকুমাৰ মিশ্ৰ ।

আনহাতে বিজেপি কাৰ্যালয়ত বিজেপি কৰ্মীয়ে আদৰণি জনাই মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক।

Be the first to comment

Leave a Reply

Your email address will not be published.


*