বিহালীত বিশ্বনাথ আৰক্ষীৰ বৃহৎ সাফল্য, জব্দ কৰে বুজন পৰিমাণৰ গাঞ্জা, অৰুণাচলী সুৰা

বিহালীত বিশ্বনাথ আৰক্ষীৰ বৃহৎ সাফল্য, জব্দ কৰে বুজন পৰিমাণৰ গাঞ্জা, অৰুণাচলী সুৰা

বিশ্বনাথ আৰক্ষীৰ বৃহৎ সাফল্য । বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাৰ নেতৃত্বত যোৱা এটা দলে বিহালীৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ গাঞ্জা, অৰুণাচলী সুৰাৰ লগতে নষ্ট কৰে চুলাই মদ ।

বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিহালী আৰক্ষী থানাৰ অধীনৰ কেটলাৰ বিজুলীজাৰণী বাগানগাওঁৰ পৰা সুশীল তাঁতী নামৰ ব্যক্তি গৰাকীৰ বাসগৃহৰ পৰা প্ৰায় ৬ কেজি ৫০০ গ্ৰাম গাঞ্জা, বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাৰ লগতে প্ৰায় ২০০ লিটাৰ চুলাই মদ নষ্ট কৰে আৰক্ষীৰ দলটোৱে ।

ইয়াৰ উপৰিও দলটোৱে ব্যক্তিগৰাকীৰ বাসগৃহৰ পৰা নগদ ৩২ হাজাৰ টকা জব্দ কৰে ।

আৰক্ষীয়ে অভিযান চলোৱাৰ পূৰ্বেই সুশীল তাঁতী পলায়ন কৰে যদিও সোধপোচৰ বাবে আৰক্ষীয়ে তাঁতীৰ পত্নী পিংকি তাঁতীক আটক কৰে ।

উক্ত অভিযানত সংগ দিয়ে বিশ্বনাথ জিলাৰ উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱা, চি আৰ পি এফ ৩০ বেটেলিয়নৰ এচিচটেন্ট কামাণ্ডেন্ট অফিচাৰ বি.ভি সিং যোধা, বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কমল বড়ো, বৰগাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দুৰ্লভ নাথ ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*