তেজপুৰৰ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত অসম মাইক্ৰ’-ফাইনেন্স উদগণি আৰু ৰেহাই অভিলাষী আঁচনি আনুষ্ঠানিক ভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰী :

তেজপুৰৰ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত অসম মাইক্ৰ’-ফাইনেন্স উদগণি আৰু ৰেহাই অভিলাষী আঁচনি আনুষ্ঠানিক ভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰী :

তেজপুৰ ২৮ নৱেম্বৰ :

দেওবাৰে তেজপুৰৰ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত অসম মাইক্ৰ’-ফাইনেন্স উদগণি আৰু ৰেহাই আঁচনি, ২০২১ (ক্ষিপ্ৰ আদায়কাৰী শিতান) শীৰ্ষক অভিলাষী আঁচনিখনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই ।

assam cm hemanta

এই আঁচনিয়ে ৰাজ্যখনৰ মহিলা সবলীকৰণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

ৰাজ্যৰ ২৪ লাখ মহিলা এই আঁচনিৰ অধীনত উপকৃত হ’ব ৷ ইফালে দেওবাৰে শোণিতপুৰৰ ৫৯,৪৬৮গৰাকী মহিলাৰ প্ৰতিগৰাকীয়ে ১৬ হাজাৰ টকাৰ পৰা ২৫ হাজাৰ টকাৰ পৰ্যন্তে চেক লাভ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ সমান্তৰাল ভাৱে নতুন চৰকাৰ খনৰ আন এক প্ৰতিশ্ৰুতি অনুসৰি অহা ১০ মে’ৰ পূৰ্বেই ১ লাখ যুৱক-যুৱতীক নিযুক্তি প্ৰদানৰ বাবেও চৰকাৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

আনহাতে অৰুণোদয় আঁচনিৰ অধীনত মাহিলি সাহায্যৰ পৰিমাণ পৰ্যায় ক্ৰমে বৃদ্ধি কৰি গৈ থকাৰ লগতে ৰাজ্যৰ প্ৰতি ঘৰ দুখীয়া মানুহকে যাতে এই আঁচনিৰ অধীনত সামৰি ল’ব পৰা যায়, তাৰ বাবে প্ৰতিটো বিধানসভা সমষ্টিতে অতিৰিক্ত ৫০০০ হিতাধিকাৰীক ‘অৰুণোদয়’ৰ সুবিধা প্ৰদান কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

সভাৰ শেষত মুখ্যমন্ত্ৰী গৰাকীয়ে ছাত্ৰী সকলৰ সৈতে এখন ছেল ফ্ৰি উঠাক লৈ ছাত্ৰী সলকৰ মাজত এক আনন্দৰ বন্যা বয়।

আনহাতে সভাৰ ভংগৰ সময়ত যুৱক যুৱতী মহিলা সকলৰ সৈতে বাৰ্তা লাভ কৰি এগৰাকী দৰিদ্ৰ মহিলাই ৰেচন কাৰ্ড বিষয়টো মুখ্যমন্ত্ৰী গৰাকী অৱগত কৰাত মুখ্যমন্ত্ৰীয়ে মহিলা গৰাকীক কয় তোৰ লৰা ছোৱালী কেইটা বুলিও প্ৰশ্ন কৰে। ইফালে শীঘ্ৰে ৰেচন কাৰ্ড দিয়া হ’ব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*