যমুনাপৰীয়া শাখা সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক অধিৱেশন সম্পন্ন

ছাদিকুজ জামান, মোৰাঝাৰ:
হোজাই জিলা সাহিত্য সভাৰ অন্তৰ্গত এক সক্ৰিয় শাখা যমুনাপৰীয়া শাখা সাহিত্য সভা (স্বৰ্ণ শাখা)ৰ প্ৰথম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ যায়৷

মোৰাঝাৰৰ বৰহাওৰস্থিত ইউনিভাৰচেল একাডেমিৰ পেক্ষাগৃহত এই উপলক্ষে অনুষ্ঠিত এক মুকলি সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লোৱা হয়৷

শাখাৰ সভাপতি ছাবিৰ আহমেদে সভাপতিত্ব কৰা সভাত সাহিত্য -সংস্কৃতি আৰু ছাত্ৰ- ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ বাবে শাখাই পদক্ষেপ লোৱা বুলি শাখাৰ সম্পাদক ছাদিকুজ জামানে দাঙি ধৰে৷

লগতে তেওঁ কয় সাংগঠনিক কাম কাজ তীব্ৰ গতিত চলিছে, যাৰ ফলস্বৰূপে অচিৰে যমুনাপৰীয়া শাখা সাহিত্য সভাই শতদল শাখাৰ সন্মান কঢ়িয়াই আনিব ৷

সভাত সম্পাদকে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰাৰ অন্তত সৰ্ব সন্মতি সাপেক্ষে সভাই অনুমোদন জনায়৷উল্লেখ যোগ্য যে সভাত মুখ্য অতিথি হিচাপে ইউনিভাৰচেল একাডেমিৰ অধ্যক্ষ আব্দুছ ছালাম উপস্থিত থাকি অসম সাহিত্য সভাৰ কাম কাজক ভূয়সী প্ৰসংসা কৰি এক তত্ত্বগধুৰ বক্তব্য প্ৰদান কৰে৷

সভাত চিতলমাৰী হাইস্কুলৰ শিক্ষক আহমদুল ইছলাম চৌধুৰী ,হাতীশালী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক জাকিৰ হুছেইন বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়ায়৷

ইপিনে অধিৱেশনৰ লগতে সংগতি ৰাখি অনুষ্ঠিত কবিতা পাঠ অনুষ্ঠানত কবি মোজাম্মিল আলী,মিচবাহ উদ্দিন,আহমদুল ইছলাম,নুৰ আহমেদ,মুজিবুৰ ৰহমান,ছাদিকুজ জামানকে ধৰি কেইবাজনো কবিয়ে কবিতা পাঠ কৰি জীপাল কৰি তোলে ৷

ইপিনে যমুনাপৰীয়া শাখা সাহিত্য সভাই সফলতাৰে এটা বৰ্ষ পূৰ্ণ হোৱাত হোজাই জিলা সাহিত্য সভাৰ সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে অভিনন্দন জনায়৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.