গহপুৰ কাৰিবিলৰ গো শালাত ইটোৰ পিছত সিটো গৰুৰ মৃত্যু

বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক কেমেৰা বন্ধ কৰিবলৈ পশু চিকিৎসকৰ নিৰ্দেশ

অসম খবৰ বিশ্বনাথ ২৪ নৱেম্বৰ :

বৃহত্তৰ গহপুৰ কাৰিবিলত থকা একমাত্ৰ শ্ৰী শ্ৰী গংগা গো শালা খনত এতিয়া মৃত্যু হৈছে এটাৰ পিছত আন এটা গৰুৰ।খাদ্যৰ লগতে উপযুক্ত চিকিৎসাৰ অভাৱত তিল তিল কৈ মৃত্যুৰ ক্ষণ গনাৰ লগতে ইতিমধ্যে কেইবাটাও গো ধনৰ মৃত্যু হৈছে। প্ৰায় ৫০০ ৰো অধিক গো ধন থকা গোশালা খন ধ্যান ফাউণ্ডেচন নামৰ এটি সংস্থাৰ উদ্যােগত চোৱা চিতা কৰা হয়।

গো ধনৰ মৃত্যু হোৱাৰ লগতে বেমাৰত ভুগি চিৎকাৰ কৰি থকা গো ধন সমূহৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা অৱস্থাতে গো শালাখনৰ চিকিৎসক গৰাকীয়ে বাতৰি সংগ্ৰহত বাধা দিয়ে সাংবাদিকক।আনকি কেমেৰা অফ কৰিবলৈও কয়।

ইয়াৰ পৰা স্পষ্ট হৈছে যে কি চলি আছে গো শালা খনৰ ভিতৰত।কিহৰ বাবে বাতৰি সংগ্ৰহত বাধা প্ৰদাণ কৰিব লগা হ’ল। ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে প্ৰকৃততে কেনেদৰে চলি আছে গো শালাখন।

কি ৰহস্য আছে বাতৰি সংগ্ৰহত বাধা প্ৰদাণ কৰাৰ।

কিয় গো ধন সমূহক উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা নাই।

এনে বহু প্ৰশ্নই এতিয়া আৱৰি ধৰিছে সচেতন জনতাক।

Be the first to comment

Leave a Reply

Your email address will not be published.


*