পৰ্যটকৰ বাবে মুকলি পানপুৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পানপুৰ সংৰক্ষিত বনাঞ্চল :

পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰাৰ
লক্ষ্যৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই লৈছে নতুন নতুন পদক্ষেপ ৷

ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ কাজিৰঙাৰ পিছত উত্তৰ অসমৰ জামুগুৰিহাটৰ পানপুৰ সংৰক্ষিত বনাঞ্চলত দেওবাৰৰ পৰা মুকলি কৰা হয় জীপ চাফাৰি আৰু হাতী চাফাৰি ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্থ পানপুৰ বনাঞ্চলত আছে গড়, হাতী, বাঘকে আদি কৰি আন আন জীৱ-জন্তু ৷

বনাঞ্চল খনত
ইক’ টুৰিজিমৰ জৰিয়তে পানপুৰ বনাঞ্চলক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাবে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য আৰম্ভ কৰা হৈছে জীপ আৰু হাতী চাফাৰি ৷

২০২০ চনতে পৰ্যটকৰ বাবে বনাঞ্চলখন মুকলি কৰা হৈছিল যদিও ক’ভিডৰ বাবে পৰ্যটকৰ উপস্থিতি আশানুৰূপ নাছিল বনাঞ্চলখনত ৷

ইফালে দ্বিতীয় বছৰ বাবে দেওবাৰে পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হয় পানপুৰ বনাঞ্চল ৷
চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, ৰাজ্যৰ প্ৰধান বন সংৰক্ষককে আদি কৰি কেইবাগৰাকীও বিশিষ্ট অতিথিয়ে এই শুভাৰম্ভণী অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷

অনুষ্ঠানত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই পানপুৰ বনাঞ্চলৰ ওপৰত নিৰ্মাণ কৰা এখনি তথ্যচিত্ৰ ইউটিউবৰ জৰিয়তে মুকলি কৰে ৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*