পাৰ্থ প্ৰতিম বৰুৱা, শিৱসাগৰঃ দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে চৰাইদেউ জিলাৰ লাকুৱাত দেওবাৰৰ পৰা অনুষ্ঠিত হৈছে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ ৭৩ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস৷ চৰাইদেউ জিলাৰ লাকুৱা গমধৰ কোঁৱৰ ৰাজহুৱা খেলপথাৰত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা আটছাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ আজি দ্বিতীয়তো দিন।
দ্বিতীয় দিনা অনুস্থিত আটছাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে৷ লাকুৱাত অনুস্থিত আটছাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকি চাহ জনগোষ্ঠীটোৰ প্ৰতিটো দিশৰ উন্নতিৰ হকে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই। চাহ জনজাতি ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত বিজেপি চৰকাৰে লোৱা বিভিন্ন পদক্ষেপৰ ওপৰতো মুখমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য প্ৰদান কৰে।
অসম লোকসেৱা আয়োগত চাহ জনজাতিৰ তিনিগৰাকীকৈ শিক্ষাৰ্থী সুখ্যাতিৰে উত্তীৰ্ণ হোৱালৈ গৌৰান্বিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
Leave a Reply