অহা ৩০ নবেম্ব ৰত আৰম্ভ হ’ব কমলাবাৰী সংযোগী দলং
বৃহস্পতি বাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শ্ৰীশ্ৰী কৃষ্ণ ৰাসলীলা সম্পুৰ্ণ উপভোগ কৰে মাজুলীৰ ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰত ।
মুখ্যমন্ত্ৰী গৰাকীৰ লগতে মন্ত্ৰী ৰণোজ পেগু,কেশৱ মহন্তকে ধৰি কেইবাজনো মন্ত্ৰী বিধায়কে ৰাস লীলা উপভোগ কৰে ।
ইয়াৰ আগতে উত্তৰ কমলাবাৰী সত্ৰাধিকাৰ জ্জৰ্নাদ্দন দেৱগোস্বামীয়ে মুখ্যমন্ত্ৰী গৰাকীক আদৰণী জনাই ।
মাজুলীৰ ৰাস চাই অভিভূত হৈ পৰা মুখ্যমন্ত্ৰী গৰাকীয়ে জীৱনত প্ৰথম বাৰৰ বাবে মাজুলীৰ ৰাস উপভো কৰা বুলি মন্তব্য কৰে ।
ইফালে গুৱাহাটীলৈ ঘুৰী যোৱাৰ আগত মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্যত কয় অহা ৩০ নৱেম্বৰত নিমাতীঘাট কমলা বাৰী সংযোগী দলংৰ শুভাৰম্ভ কৰিম ।
এইবাৰ মাজুলীৰ ৰাস থলি সমূহত ৰাইজৰ অকুণ্ঠ সহাৰী দেখাপোৱা গৈছে
মাজুলীৰ পৰা জয়ন্ত কুমাৰ হাজৰিকা
Leave a Reply