বিহালী সমষ্টিৰ বেদেতীত বুধবাৰে প্রদুষণ পৰীক্ষন এটা কেন্দ্র বিধায়ক ৰঞ্জিত দত্তই উদ্ধোধন কৰে ।
বেদেতীৰ উদয়ীমান যুৱক ইশানজিত গোস্বামীৰ উদ্যোগত স্থাপন কৰা এই কেন্দ্র উদ্ধোধন কৰি বিধায়ক ৰঞ্জিত দত্তই কয় পূৰ্বে প্রদুষণ পৰীক্ষণৰ বাবে বিশ্বনাথ চাৰিআলিলৈ যাব লগীয়া হৈছিল য’ত ২৫ পৰা ৩০ কিলোমিটাৰ দূৰত্ব ।
এতিয়া আমাৰ বিহালীতে হ’ল যাৰ বাবে অঞ্চলটো ৰাইজৰ বহু সুবিধা হ’ব বুলি প্ৰকাশ কৰে। বিশেষকৈ বৰ্তমান সময়ত সকলোৱে গাড়ীৰ কৰ,বীমা আৰু প্রদুষণ পৰীক্ষণ কৰাটো প্ৰয়োজন ।বিশেষকৈ দুর্ঘটনা হলে নথি পত্ৰ সম্পুর্ন নাথাকিলে অসুবিধা হয় ।
যাৰ বাবে সম্পুর্ন নথি পত্ৰ সাজু কৰি ৰাখিব লাগে।
আনহাতে বিশিষ্ট ব্যক্তি প্রদীপ কুমাৰ শৰ্মাই অংশ গ্রহন কৰি গাড়ী মটৰৰ সংখ্যা অধিক হোৱাৰ লগে লগে পৰিৱেশ ও প্ৰদুষিত হৈছে বুলি উল্লেখ কৰে। ! বিভিন্ন ৰোগৰে দেখা দিছে যাৰ বাবে গাড়ী প্রদুষণ পৰীক্ষণ কৰাটো বাধ্যতামুলক বুলি কয় ।
ইশানজিতৰ পিতৃ কীর্তি গোস্বামীয়ে গাড়ীৰ প্রদুষণ পৰীক্ষন নকৰিলে যান বাহন আৰক্ষীৰ ৰোষত পৰিব লগীয়া হয় আৰু বিভিন্ন সময়ত হোৱা অভিজ্ঞতা উল্লেখ কৰি শৰীৰ চর্চাৰ কেন্দ্র এটাও খোলাৰ বিষয়ে উল্লেখ কৰে ।
অনুষ্ঠানত বিজেপি বিহালী মণ্ডলৰ সভাপতি লাচিত বৰা ,আঞ্চলিক পঞ্চায়তৰ সভানেত্রী গীতা দাস,বিশিষ্ট ব্যৱসায়ী সুভাষ আগৰৱালা সহ বহু গন্য মান্য ব্যক্তি উপস্হিত থাকে ।
Leave a Reply