ৰমেশ চন্দ্ৰ চৰেণ ,২ অক্টোবৰ :
শোণিতপুৰ জিলাৰ বালিপাৰাস্থিত ১৮ মাইল কৃষ্ণ মন্দিৰ ভৱনত অসম চাওঁতালী সাহিত্য পৰিষদৰ সভাখন বিশিষ্ট সমাজকৰ্মী শিৱ মাৰ্ডিৰ সভাপতিত্বত আৰু অসম চাওঁতালী সাহিত্য পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ কৰ্ণেশ্বৰ বেশ্ৰাই আঁত ধৰা ক্ৰমে চাওঁতাল জনগোষ্ঠীৰ শৈক্ষিক , আৰ্থসামাজিক তথা কলা কৃষ্টি সংস্কৃতিৰ লগতে সাহিত্য বিষয়ক আলোচনা কৰা হয় ৷
লগতে সাংগঠনিক দিশৰ ওপৰতো আলোকপাত কৰে ৷ সাহিত্য তথা শৈক্ষিক দিশৰ উপৰিও জনগোষ্ঠীটোৰ বিভিন্ন জ্বলন্ত সমস্যাদি সমাধানৰ কল্পে কেইবাটাও গুৰুত্বপুৰ্ণ প্ৰস্তাৱ গ্ৰহন কৰা হয় ৷
এই সভাতেই অসম চাওঁতালী সাহিত্য পৰিষদৰ শোণিতপুৰ জিলা সমিতিখন গঠন কৰা হয় ৷ সভাপতি হিচাবে ধৰ্মকান্ত মুৰ্মুক সৰ্বসন্মতি ক্ৰমে নিৰ্বাচিত কৰাৰ লগতে উপসভাপতিৰ পদত সন্তোষ মুৰ্মু , সাধাৰণ সম্পাদকৰ পদত বীৰেন বেশ্ৰা সহকাৰী সম্পাদক আৰু সাংগঠনিক সম্পাদক তথা প্ৰচাৰ সম্পাদকৰ পদত ক্ৰমে লালেশ্বৰ চৰেণ , বোধৰাম মুৰ্মু আৰু বিষ্ণু চৰেণক মনোনিত কৰি ২১ জনীয়া বিষয়ববীয়া তথা সদস্য সদস্যাভুক্তিৰে পুৰ্ণাংগ পৰ্যায়ৰ জিলা সমিতিখন গঠন কৰা হয় ৷
সভাত অসম চাওঁতালী সাহিত্য পৰিষদৰ সভাপতি ডম্বৰুধৰ চৰেণ , সহকাৰী সম্পাদক বিজয় টুডুৰ লগতে বিশিষ্ট সমাজকৰ্মী দেবেন হেমৰম , বোধন মুৰ্মুৰ উপৰিও কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে ৷ সভাত প্ৰায় শতাধিক লোক উপস্থিত থকা বুলি জানিব পৰা গৈছে ৷
Leave a Reply