31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    কানহাইয়া কুমাৰ আৰু জিগনেশ মেৱানী আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান

    নতুন দিল্লীঃ জনপ্ৰিয় প্ৰাক্তন ছাত্ৰ নেতা কানহাইয়া কুমাৰ আৰু গুজৰাটৰ দলিত নেতা জিগনেশ মেৱানীয়ে দলৰ নেতা ৰাহুল গান্ধীৰ উপস্থিতিত নতুন দিল্লীস্থিত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে।

    যোগদান কৰি প্ৰাক্তন ছাত্ৰ নেতা কানহাইয়া কুমাৰে সংবাদমেল সম্বোধন কৰি কয় যে, “মই কংগ্ৰেছত যোগদান কৰিছোঁ, কাৰণ মই বিশ্বাস কৰোঁ যে কংগ্ৰেছ মানে এটা বিশ্বাস, দল বা মানুহ নহয়। এইটো ভাৰতৰ আটাইতকৈ পুৰণি আৰু আটাইতকৈ গণতান্ত্ৰিক দল। আজি কেৱল মই নহয়, আমাৰ প্ৰত্যেকেই অনুভৱ কৰে যে আমাৰ ৰাষ্ট্ৰক বচাবলৈ আমি কংগ্ৰেছক বচাব লাগিব,”।

    কানহাইয়া কুমাৰে কংগ্ৰেছত যোগদান কৰাৰ আগতে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (চিপিআই) সৈতে জড়িত হৈ আছিল। তেওঁ ২০১৯ ৰ সাধাৰণ নিৰ্বাচনৰ আগত কমিউনিষ্ট পাৰ্টিত যোগদান কৰিছিল।

    তেওঁ লগতে কয়, “যদি আমি জাহাজখন বচাব নোৱাৰো, তেন্তে নাওখন কেনেকৈ বচাব।”

    ইফালে চিপিআইক ৰাজনীতিৰ ওপৰত শিক্ষিত আৰু প্ৰস্তুত কৰি তেওঁক আগবাঢ়ি যাবলৈ যোগ্য কৰাৰ বাবে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।

    যোগদান কৰে অন্য এগৰাকী নেতা গুজৰাটৰ ভাদগাম সমষ্টিৰ নিৰ্দলীয় বিধায়ক মেৱানীয়ে কয়, “গুজৰাটত যি আৰম্ভ হৈছিল সেয়া এতিয়া সমগ্ৰ দেশতে বিয়পি পৰিছে। আমাৰ সংবিধান দিল্লীৰ ৰাস্তাত জ্বলি উঠিছে, দেশৰ সম্পৰ্কে আমাৰ ধাৰণাৰ ওপৰত আক্ৰমণ, ইয়াৰ গণতান্ত্ৰিক দিশৰ ওপৰত আক্ৰমণ হৈছে। দিল্লী আৰু নাগপুৰে একেলগে সমগ্ৰ দেশতে এক প্ৰণালীবদ্ধ ৰূপত ঘৃণা বিয়পাইছে। মই এজন ৰাজনীতিবিদ হিচাপে নহয়, ভাৰতৰ নাগৰিক হিচাপে এনে কাৰ্য্য বন্ধ কৰিব বিচাৰো। এনে কৰিবলৈ মই তেওঁলোকৰ সৈতে থিয় দিব বিচাৰো যিয়ে আমাক ব্ৰিটিছসকলৰ পৰা স্বাধীনতা দিছে। যাৰ বাবে আজি মই এই দলত যোগদান কৰিবলৈ আগবাঢ়ি আহিলোঁ”।

    মেৱানীয়ে লগতে উল্লেখ কৰি কয় যে, তেওঁ এজন নিৰ্দলীয় বিধায়ক হোৱাৰ বাবে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰা নাই আৰু যদি তেওঁ আন এটা দলত যোগদান কৰে তেন্তে তেওঁ বিধান সভাৰ সদস্য হিচাপে নিজৰ ধৰা অব্যাহত ৰাখিব নোৱাৰিব।

    মেৱানী এজন উকীল আৰু প্ৰাক্তন সাংবাদিক। কংগ্ৰেছে ৰাজ্যখনত অহা নিৰ্বাচনৰ অন্যতম গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে প্ৰাধান্য দিব। মেৱানীয়ে অহা বছৰৰ নিৰ্বাচনত কংগ্ৰেছৰ চিহ্ন আৰু ভাদগামৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds