গৰুখুটিৰ কৃষি প্ৰকল্পত তীব্ৰ উত্তেজনা; শূন্যলৈ গুলী চলালে আৰক্ষীয়ে : আহত আৰক্ষী

 

গৰুখুটিৰ কৃষি প্ৰকল্পত তীব্ৰ উত্তেজনা; শূন্যলৈ গুলী চলালে আৰক্ষীয়ে

গৰুখুটিৰ কৃষি প্ৰকল্পত উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰিছে স্থানীয় ৰাইজে ৷ শতাধিক লোকে বাধা প্ৰদান কৰিছে উচ্ছেদৰ যাক লৈ সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতিৰ ৷ ৩ নং ধলপুৰত সৃষ্টি হৈছে এই প্ৰতিবাদৰ ৷ উল্লেখযোগ্য যে, অতিৰিক্ত উপায়ুক্ত পল্লবী কচাৰীৰ নেতৃত্বত ১০০ জনীয়া এটা আৰক্ষী দল গৈছিল উচ্ছেদৰ বাবে ৷ ইপিনে ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে একাংশ লোক ওলাই আহি প্ৰশাসন মুৰ্দাবাদ, অমস আৰক্ষী মুৰ্দাবাদ ধব্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ যাক লৈ এতিয়া তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে গৰুখুটিৰ কৃষি প্ৰকল্পত ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলী চলাবলৈ বাধ্য হয় আৰক্ষী ৷

আনহাতে ১৪ জন আৰক্ষী আক্ৰমণ হোৱা তথ্য পোহৰলৈ আহিছে। আনহাতে বিধায়ক পদ্ম হাজৰিকা অভিযোগ চৰকাৰৰ পদক্ষেপ টো বিপৰীতে দিশে গতি কৰিবলৈ এটা দুষ্ট চক্ৰ ই প্ৰথমে আৰক্ষীক আক্রমণ কৰা বাবে ই এই ঘটনা সংঘটিত হ’ব পালে।

আনহাতে এজন মৃত ব্যক্তি ওপৰত কেমেৰা লৈ থকা যুৱকে আক্ৰমণ কৰাক লৈ প্ৰতিক্ৰিয়া। অৱশেষত বিছয় বনীয়া নামৰ কেমেৰা মেন গ্ৰেপ্তাৰ কিন্তু সাংবাদিক নহয় সেই জন। ইফালে গটেই ঘটনাটো মুখ্যমন্ত্ৰীয়ে তদন্ত ঘোষণা কৰিছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*