ঘগ্ৰাপাৰৰ-বৰালকুছিত জল জীৱন মিছনৰ অধীনত পানী যোগান আঁচনি মুকলি

■ৰাজ্যৰ অন্যান্য জিলাৰ লগতে নলবাৰী জিলাতো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা ৰূপায়িত হৈ কেন্দ্ৰীয় চৰকাৰৰ ‘জল জীৱন মিছন’ৰ অধীনত নলবাৰী সংমণ্ডলৰ ঘগ্ৰাপাৰ ব্লক অন্তৰ্গত আল্লিয়া গাঁও পঞ্চায়তৰ বৰালকুছিতো আজি পানী যোগান আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে উৎসৰ্গিত কৰাৰ লগতে আঁচনিখনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভনী কৰা হয়।

নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ উক্ত আঁচনিখন শুভাৰম্ভনী কৰি ভাষণত- কয় অকল পানীৰ কাৰণে নহয়,সুস্বাস্থ‍্য হোৱাৰ ভাৱে এই আঁচনি ৰাইজে গ্ৰহণ কৰিব লাগে।লগতে নেতাগৰাকীয়ে কেন্দ্ৰ -ৰাজ‍্য চৰকাৰৰ বিভিন্ন আ‍ঁচনিৰ কথাও সদৰী কৰে।

অনুষ্ঠানত নলবাৰী জনস্বাস্থ‍্য কাৰিকৰী বিভাগ,নলবাৰী সংমণ্ডৰ কাৰ্যৱাহী অভিযন্তা অৱতৰ সিঙে ভাষণত কয় যে -নলবাৰী সংমণ্ডলৰ বৰালকুছি এই পানী যোগান আঁচনি ১০০ শতাংশ সম্পূৰ্ণ হোৱা আঁচনিত আজিৰে পৰা এই এলেকাৰ ২২৯ সংখ্যক আৱাসত জল জীৱন মিছনৰ জৰিয়তে হিতাধিকাৰীসকলক সক্ৰিয় ঘৰুৱা পানী সংয়োজন কৰা হোৱা বুলি সদৰী কৰে।

লগতে সিঙে কয় যে এই পানী যোগান আঁচনিয়ে অঞ্চলটোৰ ৰাইজৰ পানীৰ দীৰ্ঘদিনায়া সমস্যা দূৰ হ’ব বুলি আশা কৰে। উক্ত অনুষ্ঠানত বহুতো গন্য মান্য ব্যক্তি উপস্থিত থাকে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*