লাইলাপুৰৰ শিহৰণকাৰী ঘটনাৰ সাক্ষী নাজিৰাৰ এগৰাকী আৰক্ষী জোৱান

■ লাইলাপুৰত সংঘটিত শিহৰণকাৰী ঘটনাৰ সাক্ষী হ’ল শিৱসাগৰ নাজিৰাৰ এজন আৰক্ষী জোৱান।গুৰুত্বৰ ভাৱে আহত নাজিৰাৰ এজন আৰক্ষী জোৱান।বৰ্তমান উভতি আহিল নিজ বাসগৃহলৈ।

■ অসম-মিজোৰাম সীমান্তৰ লাইলাপুলত সংঘটিত বিবাদক কেন্দ্ৰ কৰি অসম আৰক্ষীৰ ওপৰত মিজোৰাম আৰক্ষীৰ নিৰ্বিচাৰ গুলি চালনাৰ ফলত ৬জনকৈ অসম আৰক্ষীৰ জোৱান নিহত হোৱাৰ ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে।

ৰাজ্যৰ বিভিন্ন দল-সংগঠনে মিজোৰাম আৰক্ষীক গৰিহণা প্ৰদান কৰিছে। অসম আৰক্ষীৰ ওপৰত মিজোৰাম আৰক্ষীৰ ধাৰসাৰ গুলী বৰ্ষনত গুৰুত্বৰ ভাৱে আহত হৈছিল শিৱসাগৰ নাজিৰা চানেবেচাৰ এজন ব্যক্তিও।

নাজিৰা চানবেচাৰ মহেন্দ্ৰ চেতিয়া নামৰ ব্যক্তিজন অসম আৰক্ষী জোৱানত কৰ্মৰত এজন ব্যক্তি। মহেন্দ্ৰ চেতিয়াও নামি পৰিছিল লাইলাপুলৰ সেই যুদ্ধত। বাওঁ ভৰিত গুলী লাগি গুৰুত্বৰ ভাৱে আহত হৈ অচেতন হৈ পৰিছিল মহেন্দ্ৰ চেতিয়া।

এক শিহৰণ কাৰী ঘটনাৰ সন্মুখীন হ’ব লগীয়া হৈছিল নাজিৰা চানবেচাৰ মহেন্দ্ৰ চেতিয়া। ইয়াৰ পিছতেই শিলচৰৰ এখন চিকিৎসালয়ত ৪/৫দিন থকাৰ পিছত নাজিৰাৰ চানবেচাৰ আপোন ঘৰখনলৈ উভতি আহে মহেন্দ্ৰ চেতিয়া।

Be the first to comment

Leave a Reply

Your email address will not be published.


*