♦ ডিজিটেল ডেস্কঃ শেহতীয়াকৈ দেশজুৰি তোলপাৰ লগাই থকা এটা ঘটনা ৰাজ কুন্দ্রাৰ পর্ন’গ্রাফী গোচৰ৷ যোৱা ১৯ জুলাইত মুম্বাই আৰক্ষীয়ে অশ্লীল ছবি তথা পর্ন ছবি নির্মাণ কৰাৰ অভিযোগত ৪৫ বছৰীয়া ৰাজ কুন্দ্রাক গ্রেপ্তাৰ কৰে৷ মোহময়ী বলিউডৰ অভিনেত্রী শিল্পাৰ স্বামী ৰাজ কুন্দ্রাৰ বিৰুদ্ধে ইতিমধ্যে পর্ন ছবি নির্মাণত জড়িত থকাৰ অনেক তথ্য মুম্বাই আৰক্ষীয়ে লাভ কৰিছে বুলি জানিব পৰা গৈছে। বৰ্তমানলৈকে আৰক্ষীৰ জিম্মাত থকা ৰাজ কুন্দ্রাৰ বাসগৃহ আৰু কার্যালয়ত অভিযান চলাই মুম্বাই আৰক্ষীয়ে বিভিন্নবোৰ আপত্তিজনক তথ্য জব্দ কৰিছে৷
২০০৯ চনত ৰাজ কুন্দ্রাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা অভিনেত্রী শিল্পা ছেট্টীয়ে সম্প্ৰতি স্বামী ব্যৱসায়ী তথা ৰাজ কুন্দ্রাৰ পর্ন’গ্রাফী গোচৰত সাঙোৰ খাই পৰিছে। ইতিমধ্যে মুম্বাই আৰক্ষীয়ে অভিনেত্রী শিল্পা ছেট্টীৰ বাসভৱনত অভিযোগ অনুসৰি চলোৱা অভিযান কালত উদ্ধাৰ হৈছে বহুতো আপত্তিজনক তথ্য৷ যিবোৰ তথ্যত আছে বিশাল পৰিমাণৰ অশ্লীল আলোকচিত্র আৰু ভিডিঅ’। এনেবোৰ তথ্য সংগ্ৰহ কৰাৰ পাছতেই অভিনেত্রীগৰাকীক সোধা–পোছাৰ বাবে প্রস্তুতি চলাইছে মুম্বাই আৰক্ষীয়ে৷
মুম্বাই আৰক্ষীয়েজানিবলৈ দিয়া মতে, বলীউডৰ তাৰকা অভিনেত্রী শিল্পা ছেট্টীৰ বাসভৱনত তালাচী চলাই বৰ্তমান আৰক্ষীয়ে ৪৮ টেৰাবাইট অর্থাৎ ৪৮ হাজাৰ জিবি অশ্লীল আলোকচিত্র আৰু ভিডিঅ’ জব্দ কৰিছে৷ জব্দকৃত অশ্লীল আলোকচিত্র আৰু ভিডিঅ’ৰ আধাৰতেই স্বামী ৰাজ কুন্দ্রাৰ অবৈধ পর্ন ছবিৰ গোচৰত শিল্পাক পুনৰ দ্বিতীয়বাৰৰ বাবে সোধা–পোছা কৰা হ’ব৷ তদুপৰি অভিনেত্রীগৰাকীৰ ম’বাইল ফোনৰ সকলো তথ্য মুম্বাই আৰক্ষীয়ে সংগ্রহ কৰিব বুলি সদৰী কৰিছে।
যোৱা শুকুৰবাৰে অভিনেত্রী শিল্পা ছেট্টীক মুম্বাই আৰক্ষীয়ে সোধা–পোছা কৰাৰ সময়ত স্বামী ৰাজ কুন্দ্রা নির্দোষী বুলি শিল্পাই দাবী কৰিছিল৷ শিল্পা ছেট্টীৰ অভিযোগ অনুসৰি প্রদীপ বাক্সিহে ম’বাইল এপ হটশ্ব’টৰ সৈতে জড়িত বুলি আৰক্ষীক জনায়। তেওঁৰ স্বামী কোনো কাৰণতে উল্লেখ্য এপটোৰ সৈতে জড়িত নহয় বুলি দাবী কৰে। ইয়াৰ পাছতেই মুম্বাই আৰক্ষীয়ে অভিনেত্রীগৰাকীৰ বাসগৃহত তালাচী চলাই ৪৮ হাজাৰ জিবি অশ্লীল আলোকচিত্র আৰু ভিডিঅ’ জব্দ কৰিছে।
ইপিনে ৰাজ কুন্দ্ৰাই গ্রেট ব্রিটেইনত থকা ভাতৃৰ সৈতে মিলিত হৈ ৱেবছাইটযোগে পর্নগ্ৰাফীৰ ব্যৱসায় চলাই থকাৰ তথ্য মুম্বাই আৰক্ষীয়ে ইতিমধ্যে লাভ কৰিছে৷ আৰক্ষীয়ে লগতে উল্লেখ কৰিছে যে, ৰাজ কুন্দ্রাই ভিন্ন প্রলোভনেৰে বহু মডেলকে ধৰি বিভিন্ন অভিনেত্রীৰ দ্বাৰা পর্নগ্ৰাফী নির্মাণৰো অনেক অভিযোগ থকাৰ কথা প্ৰকাশ কৰিছে।
Leave a Reply