লাকুৱাত স্বাধীনতা অমৃত মহোৎসৱঃ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বৃক্ষ ৰোপন

♦ লাকুৱাৰ লিথিংগা বস্তিত আজি ৭৫সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি স্বাধীনতা অমৃত মহোৎসৱ শীৰ্ষক এক কাৰ্য্যসূচী অনুস্থিত হয়। যি কাৰ্য্যসূচীৰ জৰিয়তে ৰাজগড় পৰা চলাপথাৰ পৰ্যন্ত কৰা হয় বৃক্ষ ৰোপন। মাহমৰা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ সৌজন্যত আজিৰে পৰা আৰম্ভ হোৱা সপ্তাহ জোৰা এই বৃক্ষ ৰোপণ কাৰ্য্যসূচী ৰাজগড়ৰ পৰা চলাপথাৰলৈ প্ৰায় দুই কিলোমিটাৰ বিভিন্ন মূল্যৱান প্ৰজাতি গছ ৰোপণ কৰা হয়।সমগ্ৰ অসম তথা ভাৰতবৰ্ষতে আজি এই কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। ভাৰত চৰকাৰ নিৰ্দেশ অনুসৰি ৭৫তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এই কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*