■ গোৱালপাৰা জিলা কৃষ্ণাই আঞ্চলিক বন বিভাগে আজি কৃষ্ণাইৰ কাষৰীয়া গুৰীয়া হাতেচোঙৰ পৰা এটা বান্দৰ উদ্ধাৰ কৰে। জানিব পৰা খাদ্যৰ সন্ধানত জাকৰ পৰা ফালৰি কাটি ওলাই অহা বান্দৰটোৱে হাতীচোং অঞ্চলত উপদ্ৰৱ চলাই আছিল।
যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে বান্দৰটো কৰায়ত্ত কৰি বন বিভাগক খবৰ দিয়ে। সেই মতে আজি দুপৰীয়া বান্দৰটো উদ্ধাৰ কৰে কৃষ্ণাই আঞ্চলিক বন বিভাগে৷ ইয়াৰ পিছত বনৰক্ষীয়ে বান্দৰটো শ্ৰীশ্ৰীটুক্ৰেশ্বৰী দেৱালয় সংলগ্ন টুকুৰা পাহাৰত এৰি দিয়াৰ ব্যৱস্থা কৰে।
Leave a Reply Cancel reply