অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ এক গৌৰৱোজ্জ্বল অধ্যায় হ’ল ধ্ৰুপদী ভাষা (classical language) হিচাপে অসমীয়া ভাষাৰ স্বীকৃতি। দীৰ্ঘদিনীয়া গৱেষণা আৰু ঐতিহাসিক তথ্যৰ ভিত্তিত ২০২৪ চনত ভাৰত চৰকাৰে অসমীয়া ভাষাক এই মৰ্যাদা প্ৰদান কৰে। তলত অসমীয়া ধ্ৰুপদী ভাষাৰ উৎপত্তি আৰু ইয়াৰ তাৎপৰ্যৰ বিষয়ে এক বিতং আলোচনা আগবঢ়োৱা হ’ল। অসমীয়া ধ্ৰুপদী ভাষাৰ উৎপত্তি (Origin of Assamese Classical Language) কোনো আকস্মিক ঘটনা নহয়, বৰঞ্চ ই এক হাজাৰ বছৰীয়া বিৱৰ্তনৰ ফল। ভাৰতীয় আৰ্য ভাষা পৰিয়ালৰ অন্তৰ্গত এই ভাষাৰ শিপা প্ৰাচীন ভাৰতীয় ঐতিহ্যৰ সৈতে গভীৰভাৱে জড়িত।ঐতিহাসিক মূল আৰু মাগধী প্ৰাকৃত ভাষাবিদ সকলৰ মতে, অসমীয়া ভাষাৰ মূল উৎস হ’ল মাগধী প্ৰাকৃত। প্ৰাচীন ভাৰতত সংস্কৃতৰ সমান্তৰাল ভাৱে জনসাধাৰণৰ মাজত প্ৰচলিত প্ৰাকৃত ভাষাসমূহৰ ভিতৰত মাগধী প্ৰাকৃতৰ পৰা পূৰ্বী শাখাৰ জন্ম হয়। এই পূৰ্বী শাখাৰ পৰাই কামৰূপী প্ৰাকৃত বা কামৰূপী অপভ্ৰংশৰ মাজেৰে আধুনিক অসমীয়া ভাষাৰ সৃষ্টি হৈছে।চৰ্যাপদ, ভাষাৰ আদি স্তৰ । অসমীয়া ভাষাৰ লিখিত ইতিহাসৰ আটাইতকৈ পুৰণি নিদৰ্শন হ’ল অষ্টমৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত চৰ্যাপদ । চৰ্যাপদ ৰ ভাষা ‘সন্ধ্যা ভাষা’ যদিও ইয়াত ব্যৱহৃত ব্যাকৰণগত বৈশিষ্ট্য, শব্দাৱলী আৰু ছন্দ শৈলীৰ সৈতে আধুনিক অসমীয়া ভাষাৰ পোনপটীয়া সম্পৰ্ক আছে। ড° বাণীকান্ত কাকতিৰ দৰে ভাষাবিদে প্ৰমাণ কৰিছে যে চৰ্যাপদৰ বহুতো ভাষিক উপাদান কেৱল অসমীয়া ভাষাৰহে নিজস্ব সম্পদ। শিলালিপি আৰু তাম্ৰশাসন, অসমৰ বিভিন্ন প্ৰান্তত পোৱা পঞ্চম-ষষ্ঠ শতিকাৰ পৰা আৰম্ভ কৰি মধ্য যুগলৈকে খোদিত হোৱা শিলালিপি আৰু তাম্ৰশাসন সমূহে অসমীয়া ভাষাৰ প্ৰাচীনত্ব প্ৰমাণ কৰে। এই লিপিসমূহত ব্যৱহৃত শব্দ আৰু বাক্য গাঁথনিয়ে দেখুৱায় যে সেই সময়ৰ কামৰূপত এটা সুকীয়া ভাষাৰ বিকাশ ঘটিছিল।প্ৰাক-শংকৰী আৰু শংকৰী যুগ, চৰ্যাপদৰ পৰৱৰ্তী সময়ত ত্ৰয়োদশ-চতুৰ্দশ শতিকাত মাধৱ কন্দলীৰ ‘ৰামায়ণ’, হেম সৰস্বতীৰ ৰচনা আদিয়ে অসমীয়া সাহিত্যক এক সবল ভেটি প্ৰদান কৰে।
মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ আবিৰ্ভাৱে অসমীয়া ভাষাক ধৰ্ম, সাহিত্য আৰু সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ কৰি তোলে। ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ আৰু অংকীয়া নাটৰ জৰিয়তে অসমীয়া ভাষাৰ গাম্ভীৰ্য বৃদ্ধি পায়।ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভৰ চৰ্তসমূহ হৈছে -ভাৰত চৰকাৰে কোনো ভাষাক ধ্ৰুপদী হিচাপে স্বীকৃতি দিবলৈ কিছুমান বিশেষ চৰ্ত বান্ধি দিয়ে ভাষাৰ ইতিহাস কমেও ১৫০০-২০০০ বছৰ পুৰণি হ’ব লাগে। ভাষাটোৰ এক চহকী প্ৰাচীন সাহিত্যৰ পৰম্পৰা থাকিব লাগে।ভাষাটো আন কোনো ভাষাৰ পৰা ধাৰ কৰা হ’ব নালাগে, অৰ্থাৎ ইয়াৰ মৌলিকতা থাকিব লাগে।
অসমীয়া ভাষাই এই সকলোবোৰ চৰ্ত সফলতাৰে পূৰণ কৰিবলৈ সক্ষম হৈছে।অসমীয়া ধ্ৰুপদী ভাষাৰ তাৎপৰ্য কিছু -অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰাটো কেৱল এটা উপাধি নহয়, ইয়াৰ আঁৰত আছে গভীৰ সাংস্কৃতিক, শৈক্ষিক আৰু জাতীয় তাৎপৰ্য।বিশ্বদৰবাৰত স্বীকৃতি-ধ্ৰুপদী ভাষাৰ মৰ্যাদাই অসমীয়া ভাষাক তামিল, সংস্কৃত, তেলেগু, কানাড়া, মালয়ালম আৰু ওড়িয়া ভাষাৰ দৰে সমমৰ্যাদা প্ৰদান কৰিছে। ইয়াৰ ফলত বিশ্বৰ ভাষাবিদ আৰু গৱেষকসকলৰ দৃষ্টি অসমীয়া ভাষাৰ ওপৰত পৰিব, যাৰ ফলত আমাৰ ভাষাৰ চহকী ইতিহাস বিশ্বজুৰি প্ৰসাৰিত হ’ব।
শৈক্ষিক আৰু গৱেষণামূলক সুবিধা বাবে ধ্ৰুপদী স্বীকৃতিৰ লগে লগে কেন্দ্ৰীয় চৰকাৰৰ পৰা বিশেষ পুঁজি সাহায্য লাভ কৰাৰ পথ প্ৰশস্ত হৈছে। ইয়াৰ দ্বাৰা অসমীয়া ভাষাৰ গৱেষণাৰ বাবে বিশ্ববিদ্যালয়সমূহত চেয়াৰ (Chair) স্থাপন কৰা হ’ব। প্ৰাচীন সাঁচিপাতৰ পুথি আৰু পাণ্ডুলিপি সমূহৰ ডিজিটাইজেচন আৰু সংৰক্ষণৰ কাম ত্বৰান্বিত হ’ব।অসমীয়া ভাষাৰ উৎকৰ্ষ সাধনৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা আৰু জলপানীৰ ব্যৱস্থা কৰা হ’ব।
পৰিচয় আৰু আত্মসন্মান প্ৰায় এশ বছৰ ধৰি অসমীয়া ভাষাক বাংলা ভাষাৰ উপভাষা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চলোৱা ষড়যন্ত্ৰৰ বিৰুদ্ধে এই স্বীকৃতি এক মোক্ষম আঘাত। ই অসমীয়া জাতিৰ স্বকীয় পৰিচয় আৰু আত্মসন্মানক সুদৃঢ় কৰিছে। ই প্ৰমাণ কৰিলে যে অসমীয়া ভাষা স্বকীয় মহিমাৰে মহিমান্বিত আৰু ইয়াৰ ঐতিহ্য অতি প্ৰাচীন।আধুনিক প্ৰযুক্তি আৰু ভাষা-ধ্ৰুপদী হিচাপে স্বীকৃতি পোৱাৰ ফলত আধুনিক তথ্য-প্ৰযুক্তি (IT) আৰু ডিজিটেল মাধ্যমসমূহতো অসমীয়া ভাষাৰ ব্যৱহাৰ বৃদ্ধি পাব। কৃত্তিম বুদ্ধিমত্তা (AI) আৰু অনুবাদৰ ক্ষেত্ৰত অসমীয়া ভাষাক অগ্ৰাধিকাৰ দিয়া হ’ব।অৰ্থনৈতিক আৰু নিযুক্তিৰ সুবিধা, ভাষাৰ গৱেষণা, অনুবাদ আৰু প্ৰাচীন সাহিত্যৰ পুনৰুদ্ধাৰৰ বাবে নতুন নতুন কৰ্মসংস্থাপনৰ সৃষ্টি হ’ব। কেন্দ্ৰীয় চৰকাৰে অসমীয়া ভাষাৰ বিকাশৰ বাবে বছৰি বৃহৎ পৰিমাণৰ ধন ব্যয় কৰিব, যাৰ ফলত সাহিত্যিক আৰু ভাষাবিদসকল উপকৃত হ’ব।
অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্যাদা লাভ আমাৰ বাবে এক ঐতিহাসিক ক্ষণ। ই কেৱল এটা চৰকাৰী ঘোষণা নহয়, বৰঞ্চ আমাৰ পূৰ্বপুৰুষৰ হাজাৰ বছৰীয়া সাধনা আৰু সৃষ্টিৰাজিৰ স্বীকৃতি। কিন্তু এই স্বীকৃতি লাভ কৰাই শেষ কথা নহয়; আমাৰ পৰৱৰ্তী দায়িত্ব হ’ল এই ভাষাৰ মৰ্যাদা অক্ষুণ্ণ ৰখা আৰু নৱপ্ৰজন্মৰ মাজত ইয়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰা। শুদ্ধকৈ অসমীয়া কোৱা, লিখা আৰু পঢ়াৰ অভ্যাস গঢ়ি তুলিলেহে এই ধ্ৰুপদী স্বীকৃতি প্ৰকৃত অৰ্থত সাৰ্থক হ’ব। স্বৰচিত, এটি কবিতা প্ৰকাশ ধ্ৰুপদী ভাষাক লৈ-
“ধ্ৰুপদী ভাষা”
ভাষাতীত প্ৰেম,
নিৰৱতাৰ বুকুৰ পৰা ওলাই অহা,
যুগ যুগৰ সঞ্চিত সোণালী ধূলি,
চিৰ সেউজীয়া এক জীৱন্ত ধাৰা,
মোৰ মাতৃভাষা— এটি ধ্ৰুপদী ভাষাৰ কলি।
পাৰ হৈ অহা কালৰ ধূলিময় পথ,
অভিলেখত খোদিত প্ৰতিটো আখৰ,
ই কেৱল শব্দৰ মালা নহয়,
ই আমাৰ অস্তিত্বৰ গভীৰ আৱেগ আৰু আখৰ।
সময়ৰ সোঁতত নোহোৱা নহয় ম্লান,
প্ৰাণত স্পন্দিত হয় অতীতৰ গান,
অনাগত কাললৈ ই হৈ ৰ’ব অক্ষয়,
আমাৰ পৰিচয়, আমাৰ ধ্ৰুপদী ভাষাৰ জয়।
🖋️ ৰাজশ্ৰী সেনাপতি গগৈ
ডিব্ৰুগড়



