31.3 C
Guwahati
Saturday, January 24, 2026
More

    Trending Now:

    বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ দেহাৱসান

    সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ কালি সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বার্ধক্যজনিত কাৰণত শিল্পীগৰাকীৰ দেহাৱসান ঘটে। ১৯৪০ চনত জন্মলাভ কৰা যশস্বী...

    শেহতীয়া আপডেটঃ

    “নদী আৰু নাৰী” ৰ দ্বাৰা বিশ্ব নদী দিৱস উদযাপন

    কবি সন্মিলনৰ সঞ্চালক হিচাপে উপস্থিত থাকে বিশিষ্ট কবি ড° প্ৰণয় ফুকন। শতাধিক সদস্য উপস্থিত থকা অনুষ্ঠানটিত নদী আৰু নাৰীৰ ডিব্ৰুগড় নগৰ সমিতি গঠন কৰা হয়।

    ◊ দেওবাৰে ডিব্ৰুগড়ৰ সুৰজমল কানৈ মহাবিদ্যালয়ত জাৰ্মানীৰ কহিনুৰ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডছৰ স্বীকৃতি প্ৰাপ্ত জনপ্ৰিয় কাব্যিক, বৌদ্ধিক তথা মানৱদৰদী অনুষ্ঠান “নদী আৰু নাৰী” ৰ দ্বাৰা বিশ্ব নদী দিৱস উদযাপন তথা ডিব্ৰুগড় নগৰ সমিতি গঠন আৰু গ্ৰন্থ উন্মোচন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানটিৰ উদ্যোক্তা হিচাপে ৰাজশ্ৰী সেনাপতি গগৈ, পূৰ্ণিমা দিহিঙ্গীয়া শইকীয়া, ৰুমী ফুকন বুঢ়াগোহাঁই আৰু উৰ্ৱশী মৰাণে অনুষ্ঠানৰ আগভাগ লয়। কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰিভাৰ মধুমিতা শৰ্মাই আৰম্ভ কৰা অনুষ্ঠানটিত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়া আৰু সদস্যসকলৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। ড° শশীকান্ত শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰে। মঞ্চ উদ্ধোধন কৰে প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝিয়ে। কেন্দ্ৰীয় প্ৰতিষ্ঠাপক ৰুনাল্ডো টাইদে অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখা কৰি নদী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।

    পূৰ্ণিমা দিহিঙ্গীয়া শইকীয়া আৰু ৰুমী ফুকনৰ দ্বাৰা নদী আৰু নাৰী শীৰ্ষক কবিতা পাঠ কৰাৰ লগতে তেওঁলোক দুয়োৰ দ্বাৰা সম্পাদিত ডিব্ৰু তৰংগিনী কাব্যপুঞ্জ শীৰ্ষক এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰে বিশিষ্ট কবি, সাহিত্যিক ড° কৰৱী ডেকা হাজৰিকাই। নীলিমা বৰাই সভাপতিত্ব কৰা অনুষ্ঠানটিত প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝি, কবি আৰু সাহিত্যিক ড° ৰঞ্জিত দত্ত, তিনিচুকীয়া জিলাৰ সভাপতি ড° বিকাশ বৰুৱা, ড° তৰুলতা কাকতি মাঝি,কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক মধুমীতা শৰ্মা, কেন্দ্ৰীয় কাব্য সম্পাদক মামণি বৰা, ডিব্ৰুগড় জিলাৰ সভাপতি বীণা কোঁৱৰ প্ৰমুখ্যে বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটিত বৃষ্টি হৰিস্মৃতা বৰুৱাৰ দুখনকৈ কাব্যগ্ৰন্থ ক্ৰমে “তোমাৰ বাবে” আৰু “এজাক প্ৰেমৰ বৰষুণ” , যোগমায়া গোস্বামীৰৰ “জীৱনৰ ৰং” শীৰ্ষক কাব্যগ্ৰন্থ আৰু ৰাজশ্ৰী সেনাপতি গগৈৰ “সোণালী সংকলন আধুনিক কবিতাৰ” শীৰ্ষক এখনি কাব্য অনুবাদ গ্ৰন্থ উন্মোচন কৰা হয়।

    নদী আৰু নাৰী শীৰ্ষক বক্তৃতা, গীত, নৃত্য, কবিতা পাঠেৰে মুখৰিত হোৱা অনুষ্ঠানটিত এখনি কবি সন্মিলনো অনুষ্ঠিত হয়। কবি সন্মিলনৰ সঞ্চালক হিচাপে উপস্থিত থাকে বিশিষ্ট কবি ড° প্ৰণয় ফুকন। শতাধিক সদস্য উপস্থিত থকা অনুষ্ঠানটিত নদী আৰু নাৰীৰ ডিব্ৰুগড় নগৰ সমিতি গঠন কৰা হয়। নগৰ সমিতিৰ মুখ্য উপদেষ্টা হিচাপে ড° শশীকান্ত শইকীয়া আৰু সহ উপদেষ্টা হিচাপে তৰুলতা কাকতি, নিৰ্মলা গগৈ বৰুৱা, যোগমায়া গোস্বামীক দায়িত্ব প্ৰদান কৰা হয়।

    কেন্দ্ৰীয় প্ৰতিষ্ঠাপক ৰুনাল্ডো টাইদ ডাঙৰীয়া আৰু কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মধুমীতা শৰ্মাৰ উপস্থিতিত গঠন হোৱা ডিব্ৰুগড় নগৰ সমিতিৰ সভাপতিৰ দায়িত্ব প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝিক, উপ-সভাপতিৰ দায়িত্ব নীলিমা বৰাক, সম্পাদকৰ দায়িত্ব ৰাজশ্ৰী সেনাপতি গগৈক, সহ- সম্পাদিকা পদত প্ৰিতাঞ্জলী মেধি শৰ্মাক, কাব্য সম্পাদক পূৰ্ণিমা দুৱৰা দিহিঙ্গীয়াক, সাংগঠনিক সম্পাদক উৰ্ৱশী মৰাণক, সাংস্কৃতিক তথা আলোচনী সম্পাদক লাকী শৰ্মা দলেক আৰু ব্যৱস্থাপিকা হিচাপে ৰুমী ফুকন বুঢ়াগোহাঁইক দায়িত্ব অৰ্পণ কৰা হয়।

    অনুষ্ঠানটিত উপস্থিত বিশিষ্ট ব্যক্তিসকলক বিশেষ সম্বৰ্ধনা তথা ডিব্ৰুগড় জিলাৰ পাঁচগৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক মানপত্ৰ আৰু স্মৃতিচিহ্নৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় বিতুমণি ফুকনে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 30 seconds