ৰাজ্য চৰকাৰে স্বাস্থ্যখণ্ডত আমুল পৰিৱৰ্তনৰ ঢাকঢোল বজাই থকাৰ সময়ত তাৰ সম্পূৰ্ণ ওলোটা ছবি প্ৰতিফলিত হৈছে বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ এটা উপ স্বাস্থ্য কেন্দ্ৰত। চৰকাৰে বজোৱা স্বাস্থ্য খণ্ডৰ আমুল পৰিৱৰ্তনৰ ঢাক ঢোল বাস্তৱত যেন অসাৰ। চৰকাৰী উপ স্বাস্থ্য কেন্দ্ৰত চৰকাৰী আঁচনিৰ পৰিৱৰ্ত্তে ৰাইজৰ দান-বৰঙণিৰে নিৰ্মাণ আৰু মেৰামতি কৰিছে উপস্বাস্ত্য কেন্দ্ৰৰ গৃহ।
বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিৰ ৩নং জামদহাৰ উপ স্বাস্থ্য কেন্দ্ৰৰ নাজল নাথল অৱস্থা। ১৯৮৩ চনত চৰকাৰে স্বীকৃতি দিয়া এটা উপ-স্বাস্থ্য কেন্দ্ৰৰ এনে অৱস্থা হোৱাত আচৰিত যেন লাগিলেও সচাঁ। এই উপ স্বাস্থ্যকেন্দ্ৰৰ নামত আছে ৬ বিঘা মাটি আবন্টন দিয়া হয় ১৯৯১ চনত। কিন্তু আন্তঃগাঁথনি কোনো উন্নয়ন নহ’ল।
Leave a Reply Cancel reply