বিহালী প্ৰেছ ক্লাৱৰ প্ৰাক্তন সদস্য অভিষেক বৰুৱাৰ অকাল মৃত্যু /শোক
অসম খবৰ বেদেতী, ১১ চেপ্তেম্বৰঃ বিহালীৰ জ্যেষ্ঠ সাংবাদিক, বৰগাঙৰ অমিতাভ বৰুৱাৰ একমাত্ৰ পুত্ৰ, বিহালী প্ৰেছ ক্লাৱৰ এসময়ৰ কাৰ্যকৰী সদস্য তথা বৰ্তমানৰ ব্যৱসায়ী অভিষেক বৰুৱাৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত মৃত্যু ঘটে ।
কেইদিনমান আগৰে পৰা পেটৰ অসুখত ভুগি চিকিৎসা গ্ৰহণ কৰি থকা অভিষেক ওৰফে ‘ধুনু’ৰ মৃত্যুত বিহালী তথা বৰগাং অঞ্চলত শোকৰ ছাঁ পৰিছে ।
বিশেষকৈ বিহালীৰ লগতে বিশ্বনাথ জিলাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ফটোগ্ৰাফি আৰু অন্যান্য ব্যৱসায়িক সম্পৰ্ক ৰখা অভিষেক বৰুৱা বহুজনৰে প্ৰিয় হৈ পৰিছিল। পিতৃ অমিতাভ বৰুৱাৰ পদাংক অনুসৰণ কৰি নিজেও সংবাদ সেৱা কৰি বহু লোকৰ সান্নিধ্যলৈ আহিছিল যুৱ ব্যৱসায়ী অভিষেক ।
আজি হঠাতে অভিষেকৰ অকাল মৃত্যুৰ বাতৰি বিয়পি পৰাত এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে ।
অভিষেকৰ মৃত্যুত বিহালী প্ৰেছ ক্লাৱে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিশ্বনাথ জিলা সাংবাদিক সন্থা, বিশ্বনাথ জিলা বাৰ্তাজীৱি সংঘ, সাংবাদিক সুৰক্ষা মঞ্চ অসম,বিশ্বনাথ জিলা সাংবাদিক সংস্থা,ক্ৰীড়ানুষ্ঠান উদ্দীপ্ত চ’ৰা, দক্ষিণ বিহালী স্বৰ্ণ শাখা সাহিত্য সভা, বৰগাং শাখা সাহিত্য সভা, জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ বিশ্বনাথ জিলা সমিতি আৰু জনগোষ্ঠীয় সাংস্কৃতিক যুৱ ঐক্য মঞ্চৰ কেন্দ্ৰীয় সভাপতি ডম্বৰুধৰ দাস আদিয়েও শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।




