ৰুচিশীল মানুহৰ বাবে পৰিপুষ্টি থকা মানসিক খাদ্য “তোমাৰ নিবিড় মায়াৰে”

“মোক এপাহ হাঁহি কৰি দিয়া
তোমাৰ নিবিড় মায়াৰে “
ভাললগা গানৰ পৰশেৰে নিৰ্মাণ কৰা চিনেমা চাই ভাল লাগে । পূৰ্বে বহুবাৰ বাংলা ছবি “প্ৰাক্তন”ৰ কথা লিখিছোঁ মই । অসমীয়াত তেনেদৰে ভাললগা গানবোৰৰ সমাহাৰ থকা ছবি কিয় নাই বুলি আক্ষেপো কৰিছোঁ বহুবাৰ । কিন্তু নাটক এখনত এনেদৰে ইমান কেইটা মোৰ ভাল লগা গান থাকিব বুলি মই কল্পনাও কৰা নাছিলোঁ । নিৰ্মলপ্ৰভা বৰদলৈৰ পৰা নচিকেতালৈ, মিহিৰ বৰদলৈৰ পৰা অনিমা চৌধুৰীলৈ; সকলো একেলগে সম্ভৱনে !
বহুতৰ মুখত “তোমাৰ নিবিড় মায়াৰে” নামৰ নাট খনৰ কথা শুনি আছিলোঁ । সকলোৱে কয় ভাল বুলি, গতিকে ময়ো ভাল বুলি ধৰি থৈ দিছোঁ । হঠাতেই খবৰ পালোঁ ২১ অক্টোবৰত সেই নাটখন ১৭ নম্বৰ বাৰৰ বাবে মঞ্চস্থ হ’ব । তাতে আকৌ দৃষ্টিহীন শ্ৰোতা – দৰ্শকৰ বাবে কলাক্ষেত্ৰত । সুযোগ আৰু সুবিধা টানি – আজুৰি মিলাই হ’লেও এইবাৰ নাটখন চাবলৈ গ’লোঁ । নাটকখন চাই উঠি কাৰো ফালে এবাৰো নোচোৱাকৈ ওলাই আহি এটা কথাই ভাবিছোঁ, “যদি নাটকখন নাচালোহেঁতেন, তেন্তে জীৱনত কিমান ডাঙৰ কিবা এটা মিছ কৰিলোঁ হেঁতেন!”
নাটকখনৰ চৰিত্ৰ দুটা যেন সকলোৰে সংগোপনে থকা অনুভূতিবোৰ কঢ়িয়াই ফুৰা দুটা চৰিত্ৰ , পটভূমি যেন দেখি – শুনি থকা তেনেই চিনাকি ঘটনা – প্ৰৱাহ…
সংলাপবোৰ নাটকৰ সংলাপ শুনিছোঁ নে কোনোবাই টেলিফোনিক বাৰ্তালাপ কৰি থকা শুনিছোঁ তাৰ পাৰ্থক্য ধৰিব নোৱাৰাকৈ নিখুঁত।
এইজন নাট্যকাৰে এতিয়ালৈকে ভ্ৰাম্যমাণৰ বাবে কিয় নাটক লিখা নাই অথবা চলচ্চিত্ৰৰ বাবে কাহিনী লিখাৰ কথা কিয় ভবা নাই, সেয়া চিন্তনীয়। মই ভাবোঁ ইয়াৰ পাছত Rituparna Das – এ ভ্ৰাম্যমান অথবা চিনেমাৰ কথা ভবা দৰকাৰ ।
নাটকখনক জীৱন্ত কৰি তুলিছে অপৰ্ণা দত্ত চৌধুৰী আৰু সত্যজিৎ গগৈৰ সুদক্ষ অভিনয়ে। সত্যজিৎ গগৈয়ে ইমান প্ৰাণ ঢালি গানবোৰ গাইছে যে প্ৰতিটো গানৰ পাছতেই দৰ্শকে জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজাইছে। নিয়মানুৱৰ্তী মানুহ এগৰাকীৰ হঠাতেই হোৱা এটা নতুন অভ্যাসে কিদৰে মানুহ গৰাকীক অস্থিৰ কৰি তুলিব পাৰে, সেয়া বাস্তৱ কৰি তুলিছে অপৰূপা অপৰ্ণা দত্ত চৌধুৰীয়ে।
অভিনেতা অভিনেত্ৰীৰ দুৰ্দান্ত অভিনয়ে মনত সাঁচ বহুৱাই থৈ গৈছে ।
নাটক খনত পোহৰ, শব্দ আৰু সংগীতৰ কাৰু – কাৰ্য চাবলগীয়া ।
মুঠতে, ৰুচিশীল মানুহৰ বাবে পৰিপুষ্টি থকা মানসিক খাদ্য “তোমাৰ নিবিড় মায়াৰে”….
I’m really spellbound
© ৰিতুপৰ্ণা
About ৰিতুপৰ্ণা আভা 3 Articles
Rituparna Ava. Works at Asstt. Teacher Under DEE ,Govt Assam News Reader at All India Radio Guwahati

Be the first to comment

Leave a Reply

Your email address will not be published.


*