হোমেন বৰগোঁহাঞিৰ দেহাৱসানত অসম চাহ জনগোষ্ঠীয় সাহিত্য সভাৰ গভীৰ শোক প্ৰকাশ

♦ৰঙাপৰাঃ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসমীয়া সাহিত্য জগতৰ প্ৰথিতযশা সাহিত্যিক- সাংবাদিক তথা জাতীয় জীৱনৰ মাৰ্গদৰ্শক হিচাপে পৰিগণিত অসম গৌৰৱ হোমেন বৰগোঁহাঞিৰ ১২ মে’ত হোৱা দেহাৱসানে অসমৰ সাহিত্য আৰু জাতীয় জীৱনত দীৰ্ঘ কালৰ বাবে বৃহৎ শূন্যতাৰ সৃষ্টি কৰা বুলি অসম চাহ জনগোষ্ঠীয় সাহিত্য সভাই গভীৰ শোক প্ৰকাশেৰে শ্ৰদ্ধা নিৱেদন বৰগোহাঞিৰ। অসমীয়া ভাষাত অভিনৱ আৰু শক্তিশালী গদ্য ৰচনাৰ শৈলী সৃষ্টিকাৰী হিচাপে অগণন পঢ়ুৱৈৰ হৃদয়ত থিতাপি লোৱা বুলি দোহাৰি অসম চাহ জনগোষ্ঠীয় সাহিত্য সভাৰ ভাৰপাপ্ত সভানেত্ৰী মনোমতি কুৰ্মি আৰু প্ৰধান সম্পাদক মনিশ ঠাকুৰে এক শোক বাৰ্তাযোগে কয় কয় যে, ১৯৭০ চনত প্ৰকাশিত নীলাচল কাকতত প্ৰথমবাৰৰ বাবে চাহ মজদুৰ শীৰ্ষক বিশেষ সংখ্যাৰ প্ৰকাশক, সাংবাদিক, সাহিত্যিক সম্পাদক প্ৰয়াত হোমেন বৰগোঁহাঞি দেৱৰ আকস্মিক বিয়োগত অসম চাহ জনগোষ্ঠীয় সাহিত্য সভাই গভীৰ দুখ প্ৰকাশ কৰে আৰু তেখেতৰ পবিত্ৰ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই সকলো জিলা শাখাৰ জৰিয়তে এগছি বন্তি প্ৰজ্বলন কৰিবলৈ সংশ্লিষ্ট শাখা আৰু জিলা সমিতিক আহ্বান জনায়।

নিৰ্ভীক, সদা জাগ্ৰত স্পষ্টবাদী সাহিত্যিক হোমেন বৰগোঁহাঞিৰ ৰিক্ততাত অসমে এগৰাকী অভিভাৱক হেৰুৱাৰ দুখত জাতিটোৰ বৃহৎ ক্ষতি হোৱা বুলিও বিবৃতিত উল্লেখ কৰে। ইপিনে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা নিয়মীয়া বাৰ্তাৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞি কালি পুৱা বিয়োগ ঘটাত ৰঙাপৰা প্ৰেছ ক্লাবে গভীৰ দুখ প্ৰকাশ কৰি ই এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে। বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুৱে এটা যুগৰ অৱসান ঘটালে বুলি সভাপতি সুনিল মৰ আৰু সম্পাদক হিমাংশু শইকীয়া মন্তব্য কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*