31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    হোমেন বৰগোহাঞিৰ দেহাৱসানত নলবাৰী জিলা সাহিত্য সভাৰ গভীৰ শোক প্ৰকাশ

    • হোমেন বৰগোহাঞিৰ দেহাৱসানত নলবাৰী জিলা সাহিত্য সভাৰ গভীৰ শোক প্ৰকাশ
    • এটি যুগৰ অৱসান ঘটিল 

    ■ নলবাৰী : অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসমীয়া সাহিত্য জগতৰ প্ৰথিতযশা সাহিত্যিক- সাংবাদিক তথা জাতীয় জীৱনৰ মাৰ্গদৰ্শক হিচাপে পৰিগণিত অসমগৌৰৱ হোমেন বৰগোহাঞিদেৱৰ ১২ মে’ত হোৱা দেহাৱসানে অসমৰ সাহিত্য আৰু জাতীয় জীৱনত দীৰ্ঘ কালৰ বাবে বৃহৎ শূন্যতাৰ সৃষ্টি কৰা বুলি নলবাৰী জিলা সাহিত্য সভাই গভীৰ শোক প্ৰকাশেৰে শ্ৰদ্ধা নিৱেদন কৰিছে । অসমীয়া ভাষাত অভিনৱ আৰু শক্তিশালী গদ্য ৰচনাৰ শৈলী সৃষ্টিকাৰী হিচাপে অগণন পঢ়ুৱৈৰ হৃদয়ত থিতাপি লোৱা বুলি দোহাৰি নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা আৰু সম্পাদক পংকজ বেজবৰুৱাই এক শোকবাৰ্তাযোগে কয় কয় যে হোমেন বৰগোহাঞিদেৱে আজীৱন অসমীয়া ভাষা জননীৰ সেৱাৰে অসমীয়া সাহিত্যক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে । অসম সাহিত্য সভাৰ সভাপতিৰ দায়িত্ব লৈ অসমীয়া জাতীয় জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ অথচ সভাৰ হৈ পূৰ্বে কোনেও নকৰা আধুনিক জ্ঞান–প্ৰজ্ঞা–চৰ্চাৰ প্ৰধান সমল বিশ্বকোষ প্ৰণয়নৰ কাম সম্পাদন কৰিছিল । ব্যয়বহুল এই কাম বৰগেহাঞিদেৱে চৰকাৰৰ সহায় নোলোৱাকৈ সম্পাদন কৰিছিল ৰাইজৰ দান–বৰঙনিৰে । এয়া সম্ভৱ হৈছিল তেওঁৰ সূৰ্যসম সবল ব্যক্তিৰ বাবে । বহুকেইখন কালজয়ী গ্ৰন্থ ৰচনা আৰু অগ্ৰগামী প্ৰেৰণাৰে ভালে সংখ্যক লেখক–লেখিকাক সাহিত্যৰ পথাৰৰ বাট দেখুওঁৱা, অসমীয়া জাতিৰ নতুন সংজ্ঞা নিৰুপনেৰে অসমৰ সকলো জাতি জনগোষ্ঠীক একতাৰে সমৃদ্ধশালী কৰাৰ বাবে কৰা প্ৰচেষ্টা আছিল বিশিষ্ট অসমীয়াগৰাকীৰ উল্লেখনীয় দিশ । জাতিটোৰ যিকোনো সংকটৰ সময়ত বাস্তৱিক বিশ্লেষণেৰে সমস্যা সমাধামত সিদ্ধ –হস্ত অসমৰ অন্যতম পথ–প্ৰদৰ্শক হিচাপে তেওঁ সদায় অসমৰ আকাশত জ্যোতিষ্মান হৈ থাকিব বুলিও শোকবাৰ্তাটোত কোৱা হয় । নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয় সুভদ্ৰা চৌধুৰী ভৱনৰ সন্মুখত অসম সাহিত্য সভাৰ পতাকা তিনি দিনৰ বাবে অৰ্ধনমিত কৰি সাহিত্যিক গৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে জিলা সাহিত্য সভাই । প্ৰসিদ্ধ সাহিত্যিক–সাংবাদিক হোমেন বৰগোহাঞিৰ দেহাৱসানত এটি যুগৰ অৱসান ঘটিল বুলিও নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা আৰু সম্পাদক পংকজ বেজবৰুৱাই কয় ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds