আয় বৰ্হিভূত সম্পত্তি অৰ্জনৰ গোচৰ, আবকাৰী বিভাগৰ সচিব ইন্দ্ৰেশ্বৰ কলিতাক নিলম্বন

চৰকাৰে আয় বৰ্হিভূত সম্পত্তি অৰ্জনৰ গোচৰত গ্ৰেপ্তাৰ হোৱা আৱকাৰী বিভাগৰ সচিব ইন্দ্ৰেশ্বৰ কলিতাক আজি চাকৰিৰ পৰা নিলম্বন কৰিছে। আয়তকৈ ৯৫.৫৫ শতাংশ অধিক সা-সম্পত্তি অৰ্জনৰ সন্দৰ্ভত তদাৰকী কোষে অভিযুক্ত কলিতাক ২৯ জানুৱাৰীত গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰৰ পিছতে বিধি অনুসৰি চৰকাৰে অভিযুক্ত কলিতাক নিলম্বন কৰে। উল্লেখ্য যে, অৱকাৰী বিভাগৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰি থকা সময়ত আয়তকৈ অধিক স্থাবৰ, অস্থাৱৰ সা-সম্পত্তি অৰ্জনৰ কৰাৰ তথ্যৰ আধাৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে অভিযুক্ত কলিতাক গ্ৰেপ্তাৰ কৰিছিল। কালি বিশেষ আদালতে অভিযুক্ত কলিতাৰ জামিন নাকচ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*