কেন্দ্ৰীয় চৰকাৰৰ পথ-পৰিবহণ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু পৰিবহণ বিভাগৰ উদ্যোগত ৰাজ্যজুৰি অনুষ্ঠিত “ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ” উপলক্ষে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় আৰু জিলা পথ-সুৰক্ষা সমিতিৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ মাজত “পথ-সুৰক্ষা” বিষয়ক মুকলি ছবিঅঁকা আৰু শ্ল’গান প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে ছাত্ৰ-ছাত্ৰী তথা যুৱপ্ৰজন্মক পথ-সুৰক্ষাৰ প্ৰতি অধিক আকৰ্ষণ আৰু সজাগ কৰি অনাগত দিনত ৰাজ্যৰ ৰাজপথত এক শংকামুক্ত আৰু সুৰক্ষিত যাতায়াত গঢ়ি তোলাৰ উদ্যেশ্য “পথ-সুৰক্ষা” বিষয়ক এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাখন অহা ১০জানুৱাৰী, শুকুৰবাৰে ৰাতিপুৱা ১১.৩০বজাত হেঙেৰাবাৰীস্থিত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত অৱস্থিত অমৃত উদ্যানত অনুষ্ঠিত হ’ব৷ ছবিঅঁকা আৰু শ্ল’গান প্ৰতিযোগিতাত পঞ্চমৰ পৰা সপ্তমমানলৈ “ক” শাখা, অষ্টমৰ পৰা দশমমানলৈ মানলৈ “খ” শাখা আৰু একাদশৰ পৰা ওপৰৰ সকলো প্ৰতিযোগীয়ে “গ” শাখাত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগিতাত সকলো অংশগ্ৰহণকাৰীকে আৰ্ট পেপাৰ যোগান ধৰা হ’ব। ৰং-পেঞ্চিল আদি প্ৰতিযোগীয়ে নিজে লগত আনিব লাগিব৷ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ সামৰণি অনুষ্ঠানত বঁটা প্ৰদান কৰা হ’ব। সবিশেষ জানিবৰ কাৰণে প্ৰতিযোগীসকলে “ৰূপান্তৰ” গুৱাহাটীৰ সদস্যা তনুশ্ৰী ছেত্ৰীৰ লগত (৬০০৩৭০৬২৮৫) লগত যোগাযোগ কৰিব পাৰে।
Leave a Reply