31.3 C
Guwahati
Friday, November 14, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথত একেদিনাই দুখন নিচা মুক্তি কেন্দ্ৰ স্থাপন

    বিশ্বনাথৰ ৩ নিছা আসক্ত যুৱকৰ প্ৰচেষ্টা
    নিচা মুক্তি আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ পৰা উভতি আহি পুনৰ বিশ্বনাথত শুভাৰম্ভ কৰিলে নিচা মুক্তি কেন্দ্ৰ।

    একেদিনাই দুখন নিচা মুক্তি কেন্দ্ৰ স্থাপন

    বিশ্বনাথ চাৰিআলি ৪জানুৱাৰী :

    বিশ্বনাথত আজিৰ পৰা শুভাৰম্ভ কৰা হয় দুখন নিচা মুক্তি কেন্দ্ৰ।(AWAKENING FOUNDATION )এয়েকনিং ফাউণ্ডেচন আৰু প্ৰতিজ্ঞা ৱেলনেছ ফাউণ্ডেচনৰ উদ্যোগত এই নিচা মুক্তি কেন্দ্ৰ দুটাই বিশ্বনাথৰ বহু নিচা আসক্ত যুৱকৰ পিতৃ মাতৃৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে।

    কাৰণ বিশ্বনাথত বহু যুৱ প্ৰজন্ম বিভিন্ন নিচাত আসক্ত হৈ ধংসৰ গঢ়াহত আগবাঢ়ি যাবলৈ ধৰিছে।বিগত সময়ত বিশ্বনাথত বহু যুৱকে নিচা আসক্ত হৈ পথ দুৰ্ঘটনা সংঘটিত হৈ নিজৰ প্ৰাণ হেৰুৱাব লগিয়া হৈছে।

    যাৰ বেদনা এতিয়াও বুকুত লৈ বহু পিতৃ মাতৃয়ে জীবন পাৰ কৰি আছে।
    কিন্তু তাৰ বিপৰিতে বিশ্বনাথৰ এজন নিচা আসক্ত যুবকে নিচা এৰি মূল সুতিলৈ উভতি আহি এতিয়া নিজে সমগ্ৰ বিশ্বনাথৰ যুবকক নিচা মুক্ত কৰিবলৈ প্ৰয়াস কৰিছে।যু্ৱকজনৰ নাম হৈছে উৎপল হাজৰিকা।
    এই উৎপল হাজৰিকাই তিনিবছৰ মান পূৰ্বে নিচা জাতীয় সামগ্ৰী সেৱন কৰি ধংসৰ দিশলৈ গতি কৰিছিল।কিন্তু যুৱকজনৰ অভিভাৱকে নিচা আসক্ত উৎপলক ভৰ্তি কৰালে গুৱাহাটীৰ Awakening Foundetion নামৰ নিচা মুক্ত কেন্দ্ৰত।

    প্ৰায় তিনি বছৰ পিছত এই উৎপল বিশ্বনাথত উভতি আহিছে বিশ্বনাথৰ নিচা আসক্ত যুবক সকলক নিচা মুক্ত কৰিবলৈ।উৎপলে গুৱাহাটীৰ নিচা মুক্ত কেন্দ্ৰৰ স্বতাধিকাৰী নাচিৰ জামানৰ সহায়ত আজি বিশ্বনাথৰ কোঁছগাঁৱত শুভাৰম্ভ কৰে এই নিচা মুক্ত কেন্দ্ৰটো।

    মঙলবাৰে এই নিচা মুক্ত কেন্দ্ৰটো শুভাৰম্ভ অনুষ্ঠান সভাৰ আত ধৰে B news ৰ মেনেজিং এডিটৰ দিবজ্যোতি বৰুৱাই।

    এই উপলক্ষে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে বিশ্বনাথ জেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাই।

    কেন্দ্ৰটোৰ শুভ উদ্ধোধন কৰে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে।উপস্হিত থাকে বিশ্বনাথ উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাকে,ডাঃ অমল শইকীয়া, আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ ক ৰূপম কুমাৰ দাস, নাচিৰ আমিন, বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰয়কে ধৰি বিশ্বনাথ আৰক্ষী প্ৰশাসনৰ বিভিন্ন বিষয়ববীয়া লগতে জাতীয় দল সংগঠনৰ শীৰ্ষ পৰ্যায়ৰ নেতাকৰ্মী সকল।

    আনহাতে বিশ্বনাথ চাৰিআলিৰ পানী ভঁৰালৰ জয়ন্ত বৰুৱা, লেহুগাওঁৰ মানস শইকীয়াৰ প্ৰচেষ্টাত বিশ্বানাথ চাৰিআলিৰ কল্যানপুৰত নিচা মুক্তি কেন্দ্ৰ এটা স্থাপন কৰা হৈছে।

    প্ৰতিজ্ঞা ৱেলনেছ ফাউণ্ডেচনৰ উদ্যোগত এই প্ৰচেষ্টা চলোৱা হৈছে।

    এই প্ৰতিষ্ঠানত মনোৰোগ বিশেষজ্ঞই নিচাশক্ত সকলৰ চিকিৎসাৰ ব্যৱস্থা কৰিব। ইয়াত কৰ্মচাৰী হিচাবে নিয়োজিত হৈছে ফলফলিৰ সুমন্ত হাজৰিকা।

    এটা সময়ত বিভিন্ন প্ৰকাৰে নিচা শক্ত আছিল এই দুই যুৱক। গুৱাহাটী পাঠশালা, গুৱাহাটীৰ বিভিন্ন নিচা মুক্তি কেন্দ্ৰত থাকি সম্পূৰ্ন নিচা মুক্ত হৈছিল তেওঁলোক।

    মঙলবাৰে এই কেন্দ্ৰটো উদ্বোধন কৰে বিশ্বনাথৰ জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাই।

    বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সুৰজ ভূঞাৰ সভাপতিত্বত, অনুষ্ঠিত সভাত জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকা, জিলা আৰক্ষী উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱা,ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰয়, মনোৰোগ বিশেষজ্ঞ ডাঃ নিপ কুমাৰ দেউৰী, যুৱ ছাত্ৰ পৰিসদৰ বিশ্বনাথ জিলাৰ যুটীয়া সম্পাদক নীহাৰ শইকীয়া, কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ অপূৰ্ব বৰুৱা আদিয়ে অংশ লয়।

    সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ভাস্কৰ বৰুৱাই।

    সভাত কেন্দ্ৰটো ৰ প্ৰতিষ্ঠতা মানস শইকীয়া আৰু জয়ন্ত বৰুৱাই নিজৰ ড্ৰাগছ আসক্ত হৈ থকা জীৱনৰ অভিজ্ঞতাৰ বিষয়ে বক্তব্য আগবঢ়ায়।

    মানস শইকীয়াৰ পিতৃ তৰুণ শইকীয়াইও অনুষ্ঠানত উপস্থিত থাকে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds