গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই সোমবাৰে জিএমচিৰ উজানবজাৰস্থিত মুখ্য কাৰ্যালয়ত এখনি সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত মেয়ৰ মৃগেন শৰণীয়াই ২০২৫ বৰ্ষত গুৱাহাটী পৌৰ নিগমে লব লগা পদক্ষেপ সন্দৰ্ভত সাংবাদিকক অৱগত কৰে। তেওঁ কয় যে নতুন বছৰত প্ৰতিটো বাৰ্ডত সামূহিক শৌচালয় ৫ টাকৈ নিৰ্মাণ কৰা হব। লগতে সামূহিক সভাঘৰ, প্ৰটিটো বাৰ্ডত ৪-৫টা নব নিৰ্মিত ৰাস্তা, হাইমাছ লাইট, ৰাজহুৱা শ্মশান, তিনি খন নতুন বজাৰ, পদ পথৰ ব্যৱসায়ী সকলৰ বাবে ভেন্দিং জনৰ ব্যৱস্থা, জাবৰ নিষ্কাষণৰ বাবে বিশেষ সু ব্যবস্থা, জল বৰ্ডৰ জৰিয়তে মহানগৰীত বিশুদ্ধ খোৱা পানীৰ ব্যবস্থা আদিকে ধৰি বিভিন্ন ন ন পৰিকল্পনা ৰূপায়ন কৰিব বুলি মেয়ৰ শৰণীয়াই জানিবলৈ দিয়ে। উল্লেখযোগ্য যে আজিৰ এই কাৰ্যসূচিত উপ মেয়ৰ স্মৃতা ৰয়ো উপস্থিত থাকে৷
Leave a Reply