মালিগাঁও, ২৮ নৱেম্বৰ : ভাৰতীয় ৰে’লৱেত ট্ৰেড ইউনিয়নৰ প্ৰশাসনীয় স্বীকৃতিৰ বাবে আজিৰে পৰা তিনিদিনীয়াকৈ দেশজুৰি নিৰ্বাচন অনুষ্ঠিত হৈছে । এই নিৰ্বাচনত জয়ী হ’বলৈ মুঠ ভোটাৰৰ শতকৰা ৩০% অথবা ভোটদানৰ ৩৫% পালে সেই সংগঠনে স্বীকৃতি লাভ কৰিব । উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বিগত ২০১৩ চনত অনুষ্ঠিত হোৱা স্বীকৃতিৰ নিৰ্বাচনত ভৰতীয় ৰেলৱেৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন হিচাপে পৰিচিত নেশ্যনেল ফেডাৰেচন অফ ইণ্ডিয়ান ৰেলৱেমেনছৰ ( এন এফ আই আৰ ) স্বীকৃতিপ্ৰাপ্ত আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ অন্যতম ট্ৰেড ইউনিয়ন এন এফ ৰে’লৱে এম্পলিইজ ইউনিয়নে ৰেলৱেৰ ৫৪ শতাংশ শ্ৰমিক – কৰ্মচাৰীৰ ভোট লাভ কৰি উত্তৰ পূৱ সীমান্ত ৰেলৱেত অপ্ৰতিদ্বন্দ্বী ট্ৰেড ইউনিয়নৰ মৰ্যাদা লাভ কৰিছিল। উল্লেখ্য যে ৰে’লৱে বোৰ্ডে ২০০৭ বৰ্ষৰ পৰা এই নিৰ্বাচন অনুষ্ঠিত কৰি আহিছে। আনহাতে অহা ৬ ডিচেম্বৰত সন্ধিয়া সামৰণি পৰিবলগীয়া নিৰ্বাচনত উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিসেৱাৰ অধীনত থকা ৫ টা সংমণ্ডল, মালিগাঁৱত থকা ২ টা মহা প্ৰবন্ধকৰ কাৰ্য্যালয়, ডিব্ৰুগড় আৰু বঙাইগাঁওত থকা দুটাকৈ ৰেলৱে কাৰখানাৰ অধীনত ডেৰ শতাধিক ভোট গ্ৰহণ কেন্দ্ৰত ৫৩,৭৪৪ জন ভোটাধিকাৰ থকা ৰেলৱেৰ শ্ৰমিক – কৰ্মচাৰীয়ে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব।
আজি নিৰ্বাচনৰ প্ৰথম দিনটোত শান্তিপূৰ্ণভাৱে ভোটদান পৰ্ব সম্পন্ন হয়। ইফালে এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনে জানিবলৈ দিয়া মতে এন এফ ৰে’লৱে এম্পলইজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন শইকীয়াৰ নেতৃত্বত ৯ নৱেম্বৰৰ পৰা উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিসেৱাই সামৰি লোৱা ৮ খন ৰাজ্যত থকা ৰেলৱেৰ কাৰ্যালয়, ৰেলৱে ষ্টেছন , আৱাসিক এলেকা আদিত সৰু – বৰ পথসভা, জনসভা আদিৰে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান চলাইছিল । নিৰ্বাচনী প্ৰচাৰ অভিযানত ৰেলৱেৰ এক বৃহৎ সংখ্যক শ্ৰমিক – কৰ্মচাৰীয়ে এম্পলইজ ইউনিয়নৰ নীতি – আদৰ্শৰ প্ৰতি সঁহাৰি দিছিল। যাৰ বাবে এন এফ আই আৰৰ যুটীয়া সাধাৰণ সম্পাদক আৰু এম্পলইজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন শইকীয়াই ৭০ শতাংশতকৈ অধিক ভোট লাভ কৰিব বুলি দাবী কৰিছে। মুনীন শইকীয়াই সদৰি কৰা অনুসৰি জন্মলগ্নৰে পৰা এম্পলইজ ইউনিয়নে ৰেলৱেৰ শ্ৰমিক – কৰ্মচাৰীৰ নাৰ্য্য প্ৰাপ্তিৰ হকে মাত মাতি আহিছে আৰু নতুন পেন্সন নীতি বাতিল আৰু পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত যি আন্দোলন আৰম্ভ কৰিছে সেয়া মানি নোলোৱালৈকে চলি থাকিব । উল্লেখ্য যে অহা ১২ ডিচেম্বৰত নিৰ্বাচনৰ ভোট গণনা পৰ্ব আৰম্ভ হব আৰু সন্ধিয়ালৈ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে। অৱশ্যে বিগত ২০১৩ চনত নিৰ্বাচনৰ সময়ত ভোটাধিকাৰ থকা ৰেলৱেৰ শ্ৰমিক – কৰ্মচাৰীৰ সংখ্যা আছিল প্ৰায় ৬০ হাজাৰ। পৰিসংখ্যা অনুসৰি এটা দশকৰ পিছত প্ৰায় ৭ হাজাৰ শ্ৰমিক – কৰ্মচাৰীৰ সংখ্যা কমি গৈছে উত্তৰ পূব সীমান্ত ৰেলৱেত। নিশ্চিতভাবে এয়া অতি উদ্বেগজনক বিষয়।
Leave a Reply