জালুকবাৰীঃ ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনষ্ঠ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অৱ এডভান্স ষ্টাডিজ ইন চায়েন্স এণ্ড টেকন’লজী চমুকৈ আই এ এছ এছ টিয়ে অহা ৩০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ আই আই টি, গুৱাহাটীত অনুষ্ঠিত কৰিব দশম ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ( আই আই এছ এফ-২০২৪) ৰ কাৰ্যসূচী। এই কাৰ্যসূচীৰ অংশ হিচাপে আজি আই এ এছ এছ টি চৌহদত এখন সজাগতা সভা অনুষ্ঠিত হয়।
উল্লেখ্য যে এই সজাগতা সভাৰ উদ্দেশ্য হৈছে সামগ্ৰিকভাৱে আই এ এছ এছ টিৰ কৃতিত্ব, বিকশিত প্ৰযুক্তিবিদ্যা, প্ৰডাক্টছ এণ্ড টেকন’লজিকেল সেৱাৰ ক্ষেত্ৰত জ্ঞান প্ৰচাৰ কৰা । আনহাতে এই উপলক্ষে ডঃ এ পি জে আব্দুল কালাম প্ৰেক্ষাগৃহত বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত উপস্থিত সকলোকে আদৰণি জনায় প্ৰতিষ্ঠানখনৰ ভাৰপ্ৰাপ্ত সঞ্চালক, অধ্যাপক নীলোৎপল সেন শৰ্মাই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্য অতিথি হিচাপে ভাগ লৈ বিশিষ্ট বিজ্ঞানী, ডঃ দীনেশ গোস্বামীয়ে বিজ্ঞানৰ এক জনপ্ৰিয়তা বিষয়ক বক্তৃতা প্ৰদান কৰে।
অনুষ্ঠানত বিজ্ঞান ভাৰতী, নতুন দিল্লীৰ আকাশ পাণ্ডে, বিজ্ঞানী শচীন নৰৱাদিয়াই তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক ডঃ ভীম প্ৰসাদ শৰ্মাই বিশিষ্ট অতিথি হিচাপে ভাগ লৈ আই আই এছ এফ-২০২৪ৰ বিষয়ে বক্তৃতা প্ৰদান কৰে। আনহাতে কাৰ্যসূচীত গুৱাহাটীৰ বিভিন্ন বিদ্যালয়ৰ ২০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে কেবাজনেও বক্তৃতাত অংশগ্ৰহণ কৰে৷ শেষত শলাগৰ শৰাই আগবঢ়াই আই এ এছ এছ টিৰ ড০ আছিছ বালাই।
Leave a Reply Cancel reply