অখিল ভাৰতীয় চন্দ্ৰবংশী ক্ষত্ৰিয় মহাসভাৰ উদ্যোগত গুৱাহাটীত জৰাসন্ধৰ ৫২২৭ সংখ্যক জয়ন্তী মহোৎসৱ উদযাপন

গুৱাহাটীঃ অখিল ভাৰতীয় চন্দ্ৰবংশী ক্ষত্ৰিয় মহাসভাৰ পূৰ্বোত্তৰ শাখাৰ উদ্যোগত আজি গুৱাহাটীৰ লতাশিলস্থিত বিষ্ণু নিৰ্মলা ন্যাসৰ সভাগৃহত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অখিল ভাৰতীয় চন্দ্ৰবংশী ক্ষত্ৰিয় মহাসভাৰ শ্বিলঙৰ সংৰক্ষক বিশ্বেশ্বৰ প্ৰসাদ সিঙে।

এই উপলক্ষে মহাসভাৰ অসম শাখাৰ অধ্যক্ষ ৰাম অৱতাৰ প্ৰসাদৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে শাখাৰ পূৰ্বোত্তৰ শাখাৰ সচিব প্ৰধান ৰাজ কিশোৰ প্ৰসাদ, তিনিচুকীয়া জিলাৰ অৰবিন্দ কুমাৰ সিং, বঙাইগাঁও জিলাৰ ছমচেৰ সিং, গুৱাহাটীৰ বিজয় কুমাৰ সিং আৰু সঞ্জয় কুমাৰ চন্দ্ৰবংশী, সদৌ অসম অনুসূচিত জাতি যুৱ পৰিষদৰ নেতা নিত্যানন্দ দাসকে ধৰি কেবাজনো লোক উপস্থিত থাকে। অনুষ্ঠানত কেবাজনো বক্তাই মহাভাৰতৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰ হিচাপে পৰিচিত জৰাসন্ধৰ এতিয়াও উচিত মূল্যায়ন কৰা হোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰে আৰু তেওঁৰ বিষয়ে অধিক গবেষণা কৰাৰ থল আছে বুলি ব্যক্ত কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*