জালুকবাৰীঃ গুৱাহাটীৰ জালুকবাৰী জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপনৰ লগত সংগতি ৰাখি আজি জালুকবাৰী জাতীয় বিদ্যালয় চৌহদত এখন কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। চিত্ৰাংকন প্ৰতিযোগিতাখন পৰিচালনা কৰে বিদ্যালয়ৰ শিক্ষক গণেশ দাসে। চিত্ৰাংকন প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী চিত্ৰশিল্পী ডিম্পী বৰুৱা আৰু প্ৰাক্তন ছাত্ৰ তথা গিৰিজানন্দ চৌধুৰী ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ বৰ্তমানৰ বি ফাৰ্মৰ ছাত্ৰ হৃত্বিক দাস। কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰে বিদ্যালয়ৰ শিক্ষক অৰূপ তালুকদাৰ, ছাজিদ জিলানী, কৌশিক কুমাৰ ৰয় আৰু পম্পী বেজবৰুৱাই। কুইজ প্ৰতিযোগিতাত জালুকবাৰী জাতীয় বিদ্যালয়ৰ জীয়া ভৰলী দলে চূড়ান্ত বিজয়ী হʼবলৈ সক্ষম হয়। প্ৰতিযোগিতাত জালুকবাৰী জাতীয় বিদ্যালয় ৰূপালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ডাঃ ভৱেশ দাস আৰু অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ শিক্ষক ৰঞ্জন পাটোৱাৰী পৰ্যবেক্ষকৰূপে উপস্থিত থাকি প্ৰতিযোগী দলসমূহক শুভেচ্ছা জ্ঞাপন কৰে।
Leave a Reply